অসম

assam

ETV Bharat / state

বহিঃ ৰাজ্যত আবদ্ধ শ্ৰমিকঃ অসম চৰকাৰলৈ সহায়ৰ অনুৰোধ - তামিলনাডুৰ চালেম জিলাত

অসমৰ একাংশ শ্ৰমিকে বহি ৰাজ্যৰ পৰা তেওঁলোকক উদ্ধাৰৰ বাবে আহ্বান জনাইছে অসম চৰকাৰক ৷

people-of-assam-are-for-lockdown-naharkatia-labour-stranded-in-tamil-nadu-kerala
বহি ৰাজ্যত আবদ্ধ শ্ৰমিকঃ অসম চৰকাৰলৈ সহায়ৰ অনুৰোধ

By

Published : Apr 18, 2020, 7:44 PM IST

নাহৰকটীয়া 18 এপ্ৰিলঃ ৰাজ্যৰসৰ্বত্ৰে এতিয়া কৰ'ণাৰ বিভীষিকা কৰ'ণা ৰোগৰ ভয়াৱতাৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় প্ৰধানমন্ত্ৰীয়ে বিগত ২৪ মাৰ্চতে দেশজুৰি ঘোষণা কৰিছে লক ডাউন ৷ যাৰ ফলত অসমৰ বহু শ্ৰমিক আবদ্ধ হৈ পৰিছে বহিঃৰাজ্যত ৷ এই মূহুৰ্তত ইটিভি ভাৰতৰ হাতত আহি পৰিছে এটা ভিডিঅ য'ত কৰ্মসূত্ৰে বহিঃৰাজ্যত থকা অসমৰ একাংশ শ্ৰমিকে তেওঁলোকক উদ্ধাৰৰ বাবে আহ্বান জনাইছে অসম চৰকাৰক ৷ উল্লেখ্য যে তামিলনাডুৰ চালেম জিলাত আবদ্ধ হৈ পৰা অসমৰ এই শ্ৰমিক সকলৰ অধিকাংশই মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ৰ নামৰূপৰ ২নং বৰখেৰমীয়া গাঁৱৰ ৷

বহি ৰাজ্যত আবদ্ধ শ্ৰমিকঃ অসম চৰকাৰলৈ সহায়ৰ অনুৰোধ
ইফালে নামৰূপ আৰক্ষী চকীৰ অন্তৰ্গত ২০ জন শ্ৰমিকৰ ওপৰিও একেটা উদ্যোগতে কৰ্মৰত সৰ্বমুঠ ২৬ জনকৈ শ্ৰমিকে এতিয়া মাননীয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ মাননীয় ৰামেশ্বৰ তেলী নাহৰকটীয়া বিধান সভাৰ মাননীয় বিধায়ক নৰেন সোণোৱালক এই দুৰ্যোগৰ সময়ত তেওঁলোকক স্বগৃহলৈ উভতাৰ ক্ষেত্ৰত সহায় কৰিবলৈ অনুৰোধ জনাই

লগতে পঢকঃ দ্বিতীয় দিনাও নাকচ বিধায়ক আমিনুল ইছলামৰ জামিন আবেদন

ABOUT THE AUTHOR

...view details