ডিব্ৰুগড়, 28 জানুৱাৰী:দাক্ষিণাত্যৰ ছবি "Makkhi" হয়তো সকলোৱে চাইছে ৷ য’ত এটা মাখিয়ে এজন ব্যক্তিৰ জীৱনত ব্যাপক ৰূপে উত্থান পতন ঘটনাই ৷ তেনে এটা ঘটনাই এইবাৰ সংঘটিত হৈছে অসমত ৷ কিন্তু এয়া কোনো ছবিত সংঘটিত হোৱা নাই বৰঞ্চ বাস্তৱতা হে সংঘটিত হৈছে ৷ এটা নহয়, দুটা নহয়, হাজাৰ হাজাৰ মাখিৰ অত্যাচাৰত অতিষ্ঠ হৈছে এটা অঞ্চলৰ ৰাইজ ৷
আঁঠুৱাৰ তলত খাদ্যগ্ৰহণ কৰিব লগা হৈছে ডিব্ৰুগড়ৰ এটা অঞ্চলৰ ৰাইজে । বাহিৰা মানুহে মাছ- মাংস, ফলমূল, চাহ মিঠাই ক্ৰয় নকৰা এখন বজাৰ (Flies terror in Dibrugarh)। সকাম- নিকাম, উৎসৱ-পাৰ্বনতো নকৰে প্ৰসাদ কিম্বা খাদ্য গ্ৰহণ । আলহি আহিবলৈ এৰিছে অঞ্চলটোলৈ । সেই নিৰ্দিষ্ট অঞ্চলৰ স্কুলতো ল’ৰা-ছোৱালীক পঢ়াব নোখোজে আন ঠাইৰ মানুহে । ক্ৰমাৎ যেন নিষিদ্ধ অঞ্চলত পৰিণত হৈছে এই অঞ্চলটো । এই নিৰ্দিষ্ট অঞ্চলটো আছে ডিব্ৰুগড়ত ।
ডিব্ৰুগড়ৰ ''লেকাই ঠাকুৰথান'' পূতগন্ধিময় লেতেৰা ঠাই বুলি এতিয়া নাক কোচোৱা হৈছে সকলোৱে । কাৰণ ডিব্ৰুগড়ৰ লেকাইত স্থাপন কৰা বহুমুখী জাবৰ নিষ্কাশন প্ৰকল্পই মাতিছে ভয়াৱহ বিপদ । লেকাই, ঠাকুৰথান আৰু চেঁচাৰ বৃহত্তৰ অঞ্চললৈ কঢ়িয়াই আনিছে অশনি সংকেত । প্ৰকল্পটোৰ বৃহৎ বৃহৎ জাৱৰ দমত উৎপন্ন জাক জাক ভেনা মাখিৰ সন্ত্ৰাসত ত্ৰাহি মধুসূদন দেখিছে অঞ্চলবাসীয়ে ।
উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ পৰা দৈনিক ওলোৱা জাৱৰ নিষ্কাশনৰ বাবে ডিব্ৰুগড়ৰ লেকাইত স্থাপন কৰা হৈছে এই প্ৰকল্পটো। প্ৰকল্পটো কাৰ্যক্ষম হোৱাৰ পাছতে প্ৰকল্পটোত নিয়োজিত একাংশ বিষয়া কৰ্মচাৰীৰ চূড়ান্ত অৱহেলা আৰু দায়িত্বহীনতাৰ পৰিণতিতে জাবৰৰ দমৰ পৰা উৎপন্ন হৈছে জাক জাক মাখি ।