মৰাণ,২৯ মাৰ্চ:হেঁপাহৰ ৰঙালী বিহুলৈ আৰু মাত্ৰ কেইটামান দিন বাকী । ঢোল, পেঁপাৰ লহৰত ৰজনজনাই উঠিছে ৰাজ্যৰ বিহুতলীসমূহ । সমানে চলিছে বিহু কৰ্মশালাসমূহ । শুদ্ধ আৰু সঠিক ৰূপত নৱপ্ৰজন্মক বিহুৰ সৈতে চিনাকী কৰি দিয়াৰ উদ্দেশ্যে লাহোৱালতো অনুষ্ঠিত কৰা হয় বিহু কৰ্মশালা (Bihu workshop in Lahowal) ।
লাহোৱালৰ মন বহাগী বিহুৱা দলৰ উদ্যোগত ১৭ মাৰ্চৰ পৰা বকুল মাজ গাঁৱৰ ৰাজহুৱা খেলপথাৰত আৰম্ভ হোৱাৰ বিহু নাচ আৰু ঢোলবাদ্য কৰ্মশালাখনি সোমবাৰে সফল সামৰণি পৰে । লতাশিল বিহু মঞ্চৰ বিহুৰাণী আৰু বিহুকুৱঁৰী নিবেদিতা বৰা আৰু নিহাৰিকা শইকীয়াই প্ৰশিক্ষণ প্ৰদান কৰা বিহুনাচৰ এই কৰ্মশালাত ১১০ গৰাকী নাচনীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে ।
হেঁপাহৰ ৰঙালী বিহুলৈ আৰু মাত্ৰ কেইটামান দিন বাকী । ঢোল, পেঁপাৰ লহৰত ৰজনজনাই উঠিছে ৰাজ্যৰ বিহুতলীসমূহ । ইফালে ঢোলৰ ওজা বিতোপন দুৱৰাই প্ৰশিক্ষণ প্ৰদান কৰা ঢোলবাদ্য কৰ্মশালাত ৫০ জন শিশু ঢুলীয়া শিল্পীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি ৰাইজৰ আগত ঢোলবাদ্য প্ৰদৰ্শন কৰে । সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অজয় গগৈ, ডিব্ৰুগড় নৱ-জাগৃতি যুৱক সংঘৰ সভাপতি থানুৰাম ফুকন, নাট্যকাৰ ৰঞ্জিত সন্দিকৈ, ডিব্ৰুগড় নৱ জাগৃতি যুৱক সংঘৰ উপদেষ্টা বিজন্ত গগৈকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ।
বিহুৱা মুক্তামণি হাজৰিকাই আঁতধৰা এই অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা প্ৰায় দুই শতাধিক বিহুপ্ৰেমীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটি আগবঢ়াই নিয়াত সহযোগিতা আগবঢ়ায় । অনুষ্ঠানত মন বহাগী বিহুৱা দলৰ তৰফৰ পৰা বিহুনাচ আৰু ঢোলবাদ্য প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানৰ শেষত কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰা হয় ।
লগতে পঢ়ক:AASU protest in Dibrugarh: ডিব্ৰুগড়ত ৰাজপথে ৰাজপথে জ্বলিল যোগান মন্ত্ৰীৰ পুত্তলিকা