অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ গৃহ জিলাত বিদ্যুতৰ বাবে ৰাইজৰ হাহাকাৰ - মৰাণ বিধান সভা সমষ্টি

মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ৰ মৰাণ বিধান সভা সমষ্টিৰ ৰাইজে পৰিৱৰ্তনৰ চৰকাৰৰ দিনতো নাপালে বিদ্যুতৰ পোহৰ । চাহ বাগিচা নতুবা বান পীড়িত গ্ৰাম্য অঞ্চলত বিদ্যুতৰ পোহৰ পোৱাতো দূৰৰ কথা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া অঞ্চলৰ ৰাইজেও আজি পৰ্যন্ত নাপালে বিদ্যুৎ সংযোগ ।

people haven't get electricity at cm sonowal's district
people haven't get electricity at cm sonowal's district

By

Published : Oct 28, 2020, 9:43 PM IST

মৰাণ, 28 অক্টোবৰ : বিদ্যুতৰ সমস্যাই জলা-কলা খুৱাইছে মৰাণ বিধানসভা সমষ্টিৰ ৰাইজক । মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ৰ মৰাণ বিধান সভা সমষ্টিৰ ৰাইজে পৰিৱৰ্তনৰ চৰকাৰৰ দিনতো নাপালে বিদ্যুতৰ পোহৰ । চাহ বাগিচা নতুবা বান পীড়িত গ্ৰাম্য অঞ্চলত বিদ্যুতৰ পোহৰ পোৱাতো দূৰৰ কথা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া অঞ্চলৰ ৰাইজেও আজি পৰ্যন্ত নাপালে বিদ্যুৎ সংযোগ । কৰ'বাত যদি বিভাগৰ ঠিকাদাৰে বিদ্যুৎৰ খুঁটা কেইটা ঠিয় কৰাইছে আন কৰ'বাত বিদ্যুৎ সংযোগ দিব পৰা নাই ।

মুখ্যমন্ত্ৰীৰ গৃহ জিলাত বিদ্যুতৰ বাবে ৰাইজৰ হাহাকাৰ

ৰাইজৰ প্ৰতিবাদ আৰু অভিযোগৰ ভিত্তিত মৰাণৰ বিধায়কে কেইদিনমান পূৰ্বে এ পি ডি চি এলৰ বিষয়াৰ সৈতে আলোচনাত বহিছিল । বিধায়কৰ লগত হোৱা আলোচনাৰ পাছতে এ পি ডি চি এলৰ বিষয়াই মৰাণৰ পঞ্চায়তে পঞ্চায়তে ঘূৰি ৰাইজৰ সমস্যাৰ বুজ লৈছে । বুধবাৰে মৰাণ সমষ্টিৰ চেপন গাঁও পঞ্চায়তৰ কাৰ্যালয়ত মৰাণ বিদ্যুৎ উপসংমণ্ডলৰ SDO অলকেশ কোঁৱৰ আৰু ডিমৌ উপসংমণ্ডলৰ অভিযন্তা আৰু বিষয়াসকল, পঞ্চায়তটোৰ দহোটা ৱাৰ্ডৰ ৱাৰ্ড সদস্য-সদস্যাৰ উপস্থিতিত পঞ্চায়তৰ অন্তৰ্গত থকা বিদ্যুতৰ সমস্যা সমুহ বুজ লোৱাৰ লগতে সমাধানৰ বাবে আলোচনা কৰে ।

মৰাণ বিধান সভা সমষ্টিৰ ৰাইজে পৰিৱৰ্তনৰ চৰকাৰৰ দিনতো নাপালে বিদ্যুতৰ পোহৰ

APDCL বিষয়া সকলে অতি সোনকালে নতুনকৈ জৰীপ কৰি বিদ্যুৎ সংযোগ নথকা সকলক বিদ্যুৎ দিয়াৰ বাবে প্ৰতিশ্ৰুতি দিয়াৰ লগতে পঞ্চায়ত সদস্য সকলক সহযোগিতা কৰিবলৈ আহ্বান জনায় । মুখ্যমন্ত্ৰী গৃহ জিলাতে এইদৰে ৰাইজ বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হোৱাতো দুৰ্ভাগ্যজনক ৷ প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ প্ৰতিটো কোণলৈ বিদ্যুতৰ পোহৰ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু বিজেপি শাসিত ৰাজ্যতেই এতিয়া এইদৰে বিদ্যুতৰ বাবে তাঁতবাতি কাঢ়িব লগীয়া হৈছে ৰাইজে ৷

লগতে পঢ়ক : বিহাৰ নিৰ্বাচন : 54 শতাংশ ভোটদানেৰে সামৰণি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

ABOUT THE AUTHOR

...view details