মৰাণ,9 জানুৱাৰী :ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ ৰহমৰীয়াৰ চেংধৰা গাঁৱত শনিবাৰে বিধায়ক ৰিতুপৰ্ণ বৰুৱাক ঘেৰাও কৰে স্থানীয় লোকে ।বিধায়কগৰাকীয়ে পথ উন্নয়নৰ নামত ৰাজনীতি কৰি থকাৰ অভিযোগ তুলি ফুকনাখাট পঞ্চায়তৰ অধীনস্থ চেংধৰাবাসী ৰাইজে বিধায়কগৰাকীক ঘেৰাও কৰি জবাবদিহি কৰে ।
বিধায়ক ৰিতুপৰ্ণ বৰুৱাক পহুখেদা ৰহমৰীয়াৰ চেংধৰা গাঁৱৰ ৰাইজৰ - বিধায়ক ৰিতুপৰ্ণ বৰুৱাক পহুখেদা দিলে ৰহমৰীয়াৰ চেংধৰা গাঁৱৰ ৰাইজে
মুখ্যমন্ত্ৰীৰ গৃহ জিলাত উন্নয়ন বিচাৰি হাহাকাৰ কৰিছে ৰাইজে । পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত খুদ মুখ্যমন্ত্ৰীজনৰ গৃহ জিলাত এতিয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিধায়কে সমষ্টিত গ'লেও ৰাইজৰ ৰোষত পৰিব লগা হৈছে ।
![বিধায়ক ৰিতুপৰ্ণ বৰুৱাক পহুখেদা ৰহমৰীয়াৰ চেংধৰা গাঁৱৰ ৰাইজৰ People got angry on MLA Rituparna Boruah at dibrugarh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10183540-thumbnail-3x2-k.jpg)
বিধায়ক ৰিতুপৰ্ণ বৰুৱাক পহুখেদা দিলে ৰহমৰীয়াৰ চেংধৰা গাঁৱৰ ৰাইজে
বিধায়ক ৰিতুপৰ্ণ বৰুৱাক পহুখেদা দিলে ৰহমৰীয়াৰ চেংধৰা গাঁৱৰ ৰাইজে
গাঁওখনত কোনো ধৰণৰ উন্নয়নমূলক কাম নোহোৱাত বিধায়কগৰাকীয়ে ৰাইজৰ প্ৰশ্নৰ কোনো ধৰণৰ উত্তৰ দিব নোৱাৰি সেই ঠাইৰ পৰাই পলায়ন কৰে ৷
লগতে পঢ়ক :সুস্থ আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰ সংকল্পৰে অন্ত পৰিল ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তন