অসম

assam

ETV Bharat / state

খোৱাঙঘাটৰ ধান ক্ৰয় কেন্দ্ৰলৈ ৰাইজৰ ব্যাপক সহাঁৰি

ভাৰতীয় খাদ্য নিগমৰ উদ্যোগত খোৱাঙঘাটত মুকলি কৰা ধান ক্ৰয় কেন্দ্ৰলৈ ৰাইজৰ ব্যাপক সহাঁৰি ।

By

Published : Feb 13, 2021, 6:55 PM IST

খোৱাঙঘাটৰ ধান ক্ৰয় কেন্দ্ৰক ৰাইজৰ ব্যাপক সহাঁৰি
খোৱাঙঘাটৰ ধান ক্ৰয় কেন্দ্ৰক ৰাইজৰ ব্যাপক সহাঁৰি

মৰাণ, ১৩ ফেব্ৰুৱাৰী: কৃষক ৰাইজৰ কল্যাণ তথা কৃষকসকলক উৎপাদনৰ সঠিক মূল্য প্ৰদানৰ লক্ষ্যৰে ডিব্ৰুগড় জিলাৰ খোৱাঙঘাটত মুকলি কৰা ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে শনিবাৰে জিলাখনৰ ১৬ জন কৃষকৰ পৰা ৩৯ মেট্ৰিক টন ধান ক্ৰয় কৰা হয় ।

খোৱাঙঘাটৰ ধান ক্ৰয় কেন্দ্ৰলৈ ৰাইজৰ ব্যাপক সহাঁৰি

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহযোগত ভাৰতীয় খাদ্য নিগমৰ উদ্যোগত স্থাপন কৰা হয় এই কেন্দ্ৰটো । এই কেন্দ্ৰটোৰ জৰিয়তে ডিব্ৰুগড় জিলাৰ প্ৰকৃত কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত ১৮৬৮ টকাৰ বিনিময়ত ধান ক্ৰয় কৰা হয় ।

খোৱাঙঘাটৰ ধান ক্ৰয় কেন্দ্ৰলৈ ৰাইজৰ ব্যাপক সহাঁৰি

উল্লেখযোগ্য যে, সম্পূৰ্ণৰূপে মধ্যস্থতাকাৰী বিহীন এই ক্ৰয়-বিক্ৰয় প্ৰক্ৰিয়া । এই কেন্দ্ৰযোগে মুঠ ২০০০ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য স্থিৰ কৰিছে ভাৰতীয় খাদ্য নিগমে । কৃষকৰ সুবিধাৰ্থে স্থাপন কৰা এই কেন্দ্ৰটোত কৃষকসকলক ধান বিক্ৰীৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে । ইতিমধ্যে ধান ক্ৰয় কেন্দ্ৰটোলৈ ৰাইজৰ ব্যাপক সহাঁৰি জনোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:পাথাৰকান্দিত কংগ্ৰেছৰ বুথ সংকল্প সমাৰোহত বিশৃংখল পৰিস্থিতি

ABOUT THE AUTHOR

...view details