অসম

assam

ETV Bharat / state

লকডাউনে কৃষিৰে স্বাৱলম্বীতাৰ পথ দেখুৱাইছে একাংশক

লকডাউনৰ সময়ছোৱাত টিংখাঙৰ এজন শিক্ষক আৰু শিৱসাগৰৰ ছয়জনকৈ যুৱকে কৃষিকৰ্মৰ জৰিয়তে নিজৰ লগতে আনকো স্বাৱলম্বীতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক প্ৰতিবেদন...

By

Published : Nov 30, 2020, 3:17 PM IST

people engaged with agricultural work
কৃষিৰে স্বাৱলম্বীতাৰ পথ

টিংখাং,30 নৱেম্বৰ : লকডাউনে মানুহৰ মাজত এক বৈপ্লৱিক পৰিৱৰ্তন অনা পৰিলক্ষিত হৈছে ৷ কৰ’ণা মহামাৰীক কেন্দ্ৰ কৰি চৰকাৰে জাৰী কৰা লকডাউনে কৃষিৰ প্ৰতিও আগ্ৰহী কৰি তুলিলে শিক্ষক, খেলুৱৈ তথা শিক্ষিত যুৱকসকলক ।

শিক্ষকতাৰ দৰে এক মহান বৃত্তিত জড়িত টিংখাঙৰ এজন শিক্ষকৰ এক ব্যতিক্ৰমী প্ৰয়াস । শিক্ষকতাৰ সমান্তৰালকৈ বছৰৰ বাৰ মাহেই ফুটবল খেলৰ প্ৰশিক্ষণ দিয়াত ব্যস্ত থকা টিংখাঙৰ ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা বিশিষ্ট ক্ৰীড়া সংগঠক হৰেন ডেকা বৰুৱাই শেহতীয়াকৈ গ্ৰহণ কৰে আন এক প্ৰশংসনীয় পদক্ষেপ । লকডাউন হোৱাৰ ফলত বিগত কেইবামাহো বিদ্যালয় আৰু খেলপথাৰ সকলো বন্ধ হৈ পৰাৰ বাবে কেইজনমান স্থানীয় ছাত্ৰ তথা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ফুটবল খেলুৱৈৰ সৈতে নিয়োজিত হৈ পৰে কৃষি কাৰ্যত ।

কৃষিৰে স্বাৱলম্বীতাৰ পথ

শিক্ষক হৰেন ডেকা বৰুৱাই লোৱা এই পদক্ষেপে ক্ৰীড়াৰ লগতে ছাত্র কেইজনক কৃষিৰ প্ৰতিও আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান আলু, কবি, মূলা, মটৰ, বেঙেনা, জলকীয়া, লাই-লফা আদি সকলো ধৰণৰ শাক-পাচলিৰ খেতি কৰি শিক্ষকজনে তেওঁৰ এই কৃষি ভূমি কৃষি প্ৰশিক্ষণ কেন্দ্ৰলৈ ৰূপান্তৰিত হোৱা বুলি উল্লেখ কৰে ৷

আনহাতে এই কৃষিকৰ্মত জড়িত ছাত্ৰসকলৰ ভিতৰত এজনে কৃষি কাৰ্যত নিয়োজিত হ’বলৈ পাই আনন্দিত হোৱাৰ লগতে শিক্ষক হৰেন ডেকা বৰুৱাই গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় ৷

লকডাউনৰ ফলত পথাৰ আৰু বজাৰ দখলত নামি পৰিছে ৰাজ্যৰ অসংখ্য যুৱক । নিজৰ লগতে আন দহগৰাকীকো আর্থিকভাৱে স্বচ্ছল হোৱাৰ পথ দেখুৱাই আগুৱাই নিয়াৰ মানসেৰে আগবাঢ়ি আহিছে শিৱসাগৰৰ ঐতিহাসিক বগীদ’ল পানীচকীৰ বিৰিঙাণি টোপৰ উচ্চ শিক্ষাৰে শিক্ষিত ছয়জনকৈ যুৱক ।

এফালে হাতত কেঁকোৰা নাঙল আৰু আনফালে আধুনিক বিজ্ঞান সন্মতভাৱে নতুন প্ৰযুক্তি বিদ্যাৰ সহায় লৈ এই সকল যুৱকে আৰম্ভ কৰিছে ৰবি শস্যৰ খেতি । চন পৰা 30 বিঘা মাটিত ৰবি শস্যৰ খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে যুৱক কেইজনে ৷

কৃষিৰে স্বাৱলম্বীতাৰ পথ

উন্নত মানৰ ৰঙালাঁও, আলু, গোমধান, মচুৰ দাইল, শাক, মটৰ জলকীয়া ইত্যাদি বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰা পৰিলক্ষিত হৈছে । এই সন্দৰ্ভত জিলা কৃষি বিভাগৰ সৈতে আলোচনা কৰি কৃষিৰ প্রয়োজনীয় সকলো ধৰণৰ সা-সুবিধা লাভ কৰিবলৈ সমৰ্থ হোৱাৰ লগতে কম বিনিয়োগেৰে অধিক উপাৰ্জনৰ বাবেও পৰামর্শ লাভ কৰিছে ছয় যুৱকে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী লাচিত সেনাৰ

ABOUT THE AUTHOR

...view details