অসম

assam

ETV Bharat / state

মৰাণত পৰকীয়া প্ৰেমৰ বাবে প্ৰাণ গ'ল এজনৰ - চাঞ্চল্যকৰ হত্যাকাণ্ড

মৰাণত পৰকীয়া প্ৰেমৰ বাবে প্ৰাণ গ'ল এজনৰ ৷ মৰাণৰ ৰংৰঙীয়াত পত্নীয়ে যুৱকৰ সৈতে মিলি হত্যা কৰিলে স্বামীক ৷ ইতিমধ্যে হত্যাৰ অভিযোগত আটক কৰা হৈছে পত্নীৰ সৈতে দুজন অভিযুক্তক ৷

মৰাণত পৰকীয়া প্ৰেমৰ বাবে প্ৰাণ গ'ল এজনৰ
মৰাণত পৰকীয়া প্ৰেমৰ বাবে প্ৰাণ গ'ল এজনৰ

By

Published : May 4, 2021, 10:32 PM IST

মৰাণ,4 মে':ডিব্ৰুগড় জিলাৰ মৰাণৰ ৰংৰঙীয়াত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড । পৰকীয়া প্ৰেমৰ পৰিণতিত পত্নীয়ে যুৱকৰ সৈতে মিলি স্বামীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । ঘটনা সন্দৰ্ভত ইতিমধ্যে পত্নীৰ সৈতে দুজন অভিযুক্তক আটক কৰিছে মৰাণ আৰক্ষীয়ে ।

উল্লেখ্য যে, পৰকীয়া প্ৰেমৰ পৰিণতিত দুলাল গোৱালা নামৰ লোকজনক কিছুপূৰ্বে পত্নী বীণা গোৱালা আৰু একে গাঁৱৰে মুনীন মুণ্ডা ওৰফে কুলা ড'নৰ সৈতে বীণা গুৱালাৰ পুত্ৰ অৰুণ গোৱালাই মিলি পৰিকল্পিতভাৱে হত্যা কৰি গাঁতত পুতি থোৱা বুলি আৰক্ষীক অৱগত কৰে স্থানীয় ৰাইজে ৷

মৰাণত পৰকীয়া প্ৰেমৰ বাবে প্ৰাণ গ'ল এজনৰ

ইয়াৰ পাচতে মৰাণ আৰক্ষীয়ে মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৰংৰঙীয়া নদীৰ কাষৰ পৰা সোমবাৰে নিশা গাঁতত পুতি থোৱা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে ৷ উদ্ধাৰ কৰা মৃতদেহটো ৰংৰঙীয়াৰ দুলাল গোৱালাৰ বুলি স্থানীয় ৰাইজে চিনাক্ত কৰে । ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত মৃত দুলাল গোৱালাৰ পত্নী বীণা গোৱালা আৰু স্থানীয় যুৱক মুনীন মুণ্ডা ওৰফে কুলা ড'ন আৰু অৰুণ গোৱালাক আৰক্ষীয়ে সোমবাৰে নিশাই আটক কৰে ।

অন্য এক খবৰৰ বাবে: কোন মুখ্যমন্ত্ৰী হোৱাতো বিচাৰে ৰণজিৎ দাসে...

ABOUT THE AUTHOR

...view details