অসম

assam

ETV Bharat / state

চাহ শ্ৰমিকৰ মজুৰি: পৱন সিং ঘাটোৱাৰৰ অসন্তুষ্টি - চাহ শ্ৰমিকৰ মজুৰি

চাহ শ্ৰমিকৰ মজুৰি সন্দৰ্ভত 18 টা কোম্পানী ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা কাৰ্যত এচিএমএছৰ সভাপতি পৱন সিং ঘাটোৱাৰৰ প্ৰতিক্ৰিয়া ৷ চাহ শ্ৰমিকৰ মজুৰিক লৈ মালিকপক্ষ আৰু কোম্পানীয়ে কৰা লেখ আবেদনক লৈ অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰৰ তীব্ৰ অসন্তুষ্টি ৷

pawan singh ghatowar reacts on wage issue
মালিক পক্ষ আৰু কোম্পানীৰ লেখ আবেদনক লৈ পৱন সিং ঘাটোৱাৰৰ অসন্তুষ্টি

By

Published : Mar 10, 2021, 9:11 PM IST

ডিব্ৰুগড়,10 মাৰ্চ:চাহ শ্ৰমিকৰ মজুৰিৰ বিষয় সন্দৰ্ভত মালিক পক্ষ আৰু কোম্পানীসমূহৰ লেখ আবেদনক দুৰ্ভাগ্যজনক আখ্যা দিছে অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰে ৷ লেখ আবেদনক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি ঘাটোৱাৰে কয় যে, শ্ৰমিকক তেনেই নুন্যতম মজুৰি দিয়াৰ পৰিৱৰ্তে তেওঁলোকে বিষয়টো ন্যায় প্ৰক্ৰিয়াৰ মাজলৈ নি দেৰি কৰাৰ চেষ্টা কৰিছে আৰু এইয়া অতি দুৰ্ভাগ্যজনক ৷

উল্লেখ্য যে, নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থাকোতে ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি প্ৰতিদিনে 50 টকালৈ বৃদ্ধি কৰাৰ নিৰ্দেশ দিছিল ৷ প্ৰাক নিৰ্বাচন কেন্দ্ৰীকভাৱে ৰাজ্য চৰকাৰে শ্ৰমিকৰ মজুৰি 50 টকালৈ বৃদ্ধিৰ নিৰ্দেশৰ বিষয়টোক প্ৰত্যাহ্বান জনাই ৰাজ্যৰ 18 টাকৈ চাহ কোম্পানীয়ে ডব্লিউ পি (চি) 1491/2021 নম্বৰৰ এখন লেখ আবেদনেৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ লগে লগে সমগ্ৰ বিষয়টো পুনৰ বিচাৰাধীন হৈ পৰিল ৷

ইতিমধ্যে লেখ আবেদন খনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিক লৈ জাৰি কৰা অধিসূচনাৰ ভিত্তিত গুচৰীয়া চাহ কোম্পানী সমূহক কোনো জোৰ-জুলুম নকৰিবলৈ অসম চৰকাৰ তথা অন্য চৰকাৰী পক্ষক নিৰ্দেশ প্ৰদান কৰিছে ৷ এই সমগ্ৰ বিষয় লৈ মহামান্য আদালতক সন্মান প্ৰদান আৰু আস্থাত লৈ অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰৰ প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘাটোৱাৰে ৰাজ্য চৰকাৰৰ বিগত কেইবা বছৰৰ হেমাহিৰ ইংগিত দি কয় যে, অসমৰ চাহ বাগিচাত হাৰ ভঙা পৰিশ্ৰম কৰা শ্ৰমিকসকল হতাশ হৈছে ৷

চাহ শ্ৰমিকৰ মজুৰি সন্দৰ্ভত পৱন সিং ঘাটোৱাৰৰ অসন্তুষ্টি

তেওঁ কয় যে, তেওঁলোকে যোৱা নিৰ্বাচনৰ আগতেই কৈছিল আমাৰ চৰকাৰ আহিলে আমি 100 দিনৰ ভিতৰত 350 টকা হাজিৰা দিম । তাৰ পাছত minimum wage board গঠন হ'ল, এই wage board ৰ অধীনত তিনি বছৰ পাৰ হ'ল শ্ৰমিকৰ মজুৰিৰ বিষয়ত । সাধাৰণতে wage board ত 6-7 মাহত এটা বিষয়ৰ সিদ্ধান্ত হয় । মই ভাবো এই wage ব’ৰ্ডত এইটো ভাৰতবৰ্ষতে ৰেকৰ্ড এটা যে তিনি বছৰতো Minimum wage Board ত সিদ্ধান্ত নহ'ল । এয়া অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি ঘাটোৱাৰে কয় যে, "ন্যায়ালয়ৰ দ্বাৰস্থ হৈ মালিক পক্ষই যি মজুৰিৰ বিৰুদ্ধে আবেদন কৰিছে, ন্যায়ালয়ে এচিএমএছক এই বিচাৰাধীন প্ৰক্ৰিয়াৰ অধীনত পক্ষ হিচাপে ৰাখিছে ৷ আমি ন্যায়ালয়ৰ অনুমতি অনুসৰি শ্ৰমিকৰ পক্ষত ন্যায়ালয়ৰ সন্মুখত বিবেচনাৰ অৰ্থে দাখিল কৰিম ৷ আমাৰ সম্পূৰ্ণ বিশ্বাস আছে ন্যায় প্ৰক্ৰিয়াৰ ওপৰত । ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাই সদায় এই হাড় ভঙা পৰিশ্ৰম কৰা শ্ৰমিকসকলৰ হৈ মাত মাতি আহিছে । মই ভাবো এইবাৰ গুৱাহাটীত উচ্চ ন্যায়ালয়ে শ্ৰমিকৰ হৈ বক্তব্য দিব" ৷

লগতে পঢ়ক:ডিব্ৰুগড়ত মনোনয়ন দাখিলৰ পৰা বঞ্চিত হ'ল দুজনকৈ প্ৰাৰ্থী

ABOUT THE AUTHOR

...view details