অসম

assam

ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয়ত অঘটনঃ জপিয়াই আত্মহত্যা ৰোগীৰ

যোৱা 16 মে'ত তিনিটা সন্তান জন্ম দিছিল ৰূপা নামৰ মহিলাগৰাকীয়ে ৷ সন্তান জন্ম দিয়াৰ পাচতে মহিলা গৰাকী মানসিকভাৱে অসুস্থ হৈ পৰিছিল ৷

চিকিৎসালয়ৰ অট্টালিকাৰ পৰা জপিয়ালে ৰোগীয়ে

By

Published : May 25, 2019, 1:44 PM IST

ডিব্ৰুগড় , 25 মে': অসম চিকিৎসা মহাবিদ্যালয়ত অঘটন ! প্ৰসূতি ৰোগ বিভাগৰ এগৰাকী ৰোগীয়ে চিকিৎসালয়খনৰ অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যা কৰে ৷

চিকিৎসালয়ৰ অট্টালিকাৰ পৰা জপিয়ালে ৰোগীয়ে

নৱনিৰ্মিত প্ৰসূতি ৰোগ বিভাগৰ ওপৰ মহলাৰ পৰা জপিয়াই দিয়ে ৰোগী গৰাকীয়ে ৷ যাৰ ফলত মহিলা গৰাকীৰ মৃত্যু হয় ৷ মৃত মহিলা ৰোগী গৰাকী নামৰূপৰ ৰূপা কেৰকেটা বুলি জানিব পৰা গৈছে ৷ যোৱা 16 মে'ত তিনিটা সন্তান জন্ম দিছিল ৰূপায়ে ৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি সন্তান জন্ম দিয়াৰ পাচতে মহিলা গৰাকী মানসিক ভাৱে অসুস্থ হৈ পৰিছিল ৷ তেনে সময়তে আজি হঠাৎ চিকিৎসা মহাবিদ্যালয়ৰ পাঁচ মহলাৰ ওপৰৰ পৰা মহিলা গৰাকীয়ে জপিয়াই আত্মহত্যা কৰে ৷

ABOUT THE AUTHOR

...view details