অসম

assam

ETV Bharat / state

এটা দৰিদ্ৰ পৰিয়ালৰ জীয়া কাহিনী - দৰিদ্ৰ পৰিয়াল

সামান্য এজাক বৰষুণ দিলেই অনাহাৰে বিনিদ্ৰ ৰজনী কটাবলগীয়া হয় এই দুই দুৰ্ভগীয়া ভাতৃয়ে । শুবৰ বাবে নাই এখন বিচনা । নাই খোৱাপানীৰ ব্যৱস্থা । নাই বিদ্যুত সংযোগ ।

PATHETIC CONDITION OF A POOR FAMILY FROM TINGKHONG
এটা দৰিদ্ৰ পৰিয়ালৰ জীয়া কাহিনী

By

Published : Jun 8, 2020, 1:49 PM IST

টিংখাং, 8 জুনঃ টিংখাঙৰ এটা দৰিদ্ৰ পৰিয়ালৰ জীৱন সংগ্ৰামৰ জীয়া কাহিনী। বিশ্বায়নৰ যুগতো অজলা দুই ভাতৃৰ উৰুখা পজাত যন্ত্ৰনা কাতৰ দুৰ্বীষহ জীৱন নিৰ্বাহ । এটা জৰাজীৰ্ণ উৰুষা জুপুৰিত টিংখাং সমষ্টিৰ লেঙেৰী পঞ্চায়তৰ ঠেঙাল গাঁৱৰ দুই অজলা ভাতৃ ভীম দুলাকাষৰীয়া আৰু ভুগেশ্বৰ দুলাকাষৰীয়াই দুৰ্বীষহ যন্ত্ৰণা কাতৰ জীৱন সংগ্ৰাম কৰিব লগীয়া হৈছে । পৰিৱৰ্তনৰ ঢৌৱে চুব নোৱাৰিলে দুৰ্ভগীয়া পৰিয়ালটোক । সামান্য এজাক বৰষুণ দিলেই অনাহাৰে বিনিদ্ৰ ৰজনী কটাবলগীয়া হয় এই দুই দুৰ্ভগীয়া ভাতৃয়ে । শুবৰ বাবে নাই এখন বিচনা । নাই খোৱাপানীৰ ব্যৱস্থা । নাই বিদ্যুত সংযোগ । এইদৰে বিগত ১৫ বছৰে জীৱন অতিবাহিত কৰি আহিছে দুই ভাতৃয়ে । অজলা ভীম দুলাকাষৰীয়াই গাঁৱৰে কিছু লোকৰ ঘৰত দিন হাজিৰা কৰি এসাঁজ যোগাৰ কৰে যদিও ভুগেশ্বৰ দুলাকাষৰীয়া দিন হাজিৰা কৰিবলৈও অপৰাগ ৷

এটা দৰিদ্ৰ পৰিয়ালৰ জীয়া কাহিনী
চৰকাৰ পৰিৱৰ্তন হ'ল কিন্তু পৰিৱৰ্তন অৰ্থই অনুভৱ কৰিব পৰা নাই গ্ৰামাঞ্চলৰ এনেবোৰ পৰিয়ালে । পঞ্চায়তীৰাজ ব্যৱস্থাই প্ৰকৃততে কিমান উন্নয়ন সাধন কৰিছে অসমৰ গাঁও অঞ্চল সমূহৰ । দেখিও চকু মুদা কুলিৰ ভাও ধৰা লেঙেৰী পঞ্চায়ত প্ৰতিনিধিৰ এই দুৰ্ভগীয়া পৰিয়ালৰ ওপৰত কেতিয়া দৃষ্টি পৰিব সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন ।

ABOUT THE AUTHOR

...view details