অসম

assam

By

Published : May 9, 2020, 11:16 AM IST

ETV Bharat / state

চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা জানমনিৰ কথাৰে...

ঘৰত শয্যাগত পিতৃ আৰু অসহায় মাতৃৰ অৱস্থা সহ্য কৰিব নোৱাৰি শিক্ষা জীৱন আধাতো সামৰি, উপাৰ্জনৰ বাবে ওলাই আহিল ডিব্ৰুগড়ৰ সাপেখাতী ঘগৰা গাঁৱৰ জানমনি ।

pathetic condition of a family in dibrugarh
pathetic condition of a family in dibrugarh

ডিব্ৰুগড়, 9 মে': কিছুদিন পূৰ্বে চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এগৰাকী যুৱতী । এখন চাইকেলত শাক-পাচলি বিক্ৰীৰ ফটো আৰু ভিডিঅ' আপলোডেৰে ভাইৰেল হৈ পৰিছিল জানমনি নামৰ যুৱতী গৰাকী । আনকি অসমৰ প্ৰসিদ্ধ ব্যক্তি, অভিনেত্ৰী আদি ভিন্ন লোকেও শ্বেয়াৰ কৰিছিল জানমনিৰ কণ্টকময় জীৱনৰ ভাইৰেল ভিডিঅ' আৰু ফটো । ডিব্ৰুগড়ৰ জামিৰাৰ সাপেখাতী ঘগৰা গাঁৱৰ জানমনিয়ে দৈনিক, চাইকেলত দুফালে শাক পাচলিৰ গধূৰ মোনা কঢ়িয়াই দুটকা উপাৰ্জনৰ আশাৰে ওলাই যায় ।

18 বছৰীয়া জানমনিৰ সংগ্ৰাম

প্ৰায় 18 বছৰেই হ'ল জানমনিৰ পিতৃয়ে খোজ কাঢ়িব নোৱাৰাৰ । যাৰ বাবে জানমনি সৰু থকাৰে পৰা নিয়মীয়াকৈ ৰ'দ-বৰষুণকো নেওচি অবিৰত সংগ্ৰাম কৰি অহা মাতৃ মনোমতী গগৈয়ে, নিষ্ঠুৰ বাস্তৱ সুঁৱৰি উচুপি উঠিছিল ইটিভি ভাৰতৰ সাংবাদিকৰ আগত । অভাৱৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈয়ো পৰৱৰ্তী শিক্ষাৰ আশাক মোহাৰি পেলালে জানমনিয়ে ।

মাতৃৰ অসহায় অৱস্থা সহ্য কৰিব নোৱাৰি শিক্ষাজীৱন আধাতো সামৰি, প্ৰায় 30 কিলোমিটাৰ চাইকেল চলাই বজাৰত শাক-পাচলি বিক্ৰী কৰি মাতৃক সহায়ৰ বাবে সাজু হ'ল জানমনি । কিন্তু লক্ ডাউনে সেই উপাৰ্জনৰ পথো যেন স্তব্ধ কৰিছিল তাইৰ । সেয়ে শয্যাশায়ী পিতৃৰ চিকিৎসাৰ লগতে ঘৰৰ খৰচ উলিয়াবলৈ আজিকালি, গাঁৱৰ ভিতৰত চাইকেলেৰে পাচলি বেচিবলৈ ওলাই যায় জানমনি । কেতিয়াবা যদি এপইচা-দুপইচা পায়, কেতিয়াবা আকৌ খালী হাতেৰে ঘূৰি আহে তাই ।

চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা জানমনিৰ কথাৰে...

উল্লেখ্য যে, প্ৰায় 18 বছৰীয়া এই অসহায় যুৱতী গৰাকীক ইতিমধ্যে ভিন্নজনে সহায়ৰ বাবে আগবাঢ়ি অহাৰ কথা প্ৰকাশ কৰিছে চ'ছিয়েল মিডিয়াযোগে । নিজ গৃহ জিলাৰ এই অসহায় পৰিয়ালটোক সহায়ৰ ক্ষেত্ৰত নিশ্চয় পিচ পৰি নাথাকিব মুখ্যমন্ত্ৰীও । সেই আশাৰেই যেন এতিয়া বাট ৰৈছে অসহায় পৰিয়ালটোৱে ।

লগতে পঢ়কঃলক্ ডাউনৰ সময়ত তীব্ৰ খাদ্য সংকটত ভুগিছে নলবাৰীৰ এটা পৰিয়াল

ABOUT THE AUTHOR

...view details