ডিব্ৰুগড়, 25 মেঃচাবুৱা আৰক্ষীৰ বৃহৎ সাফল্য । অৱশেষত আৰক্ষীৰ জালত পৰিল পৰাগজ্যোতি নেওগ হত্যাকাণ্ডৰ সৈতে জড়িত গণেশ চৰেণ, কুলদীপ হেমেৰম, মনোজ চৰেণ, মহেশ মাৰ্দি, ৰাজু মাঝি, ৰমেশ চৰেণ, শংকৰ চৰেণ, পৰেশ চৰেণ, দীনেশ চৰেণ, ৰমেন চৰেণ আৰু বিষ্ণু হেমেৰম ।
পৰাগজ্যোতি হণ্ডাকাণ্ডত স্থানীয় লোকৰ প্ৰতিক্ৰিয়া উল্লেখ্য যে, বিগত 23 মে'ত এখন দোকানক কেন্দ্ৰ কৰি সংঘটিত হোৱা সংঘৰ্ষৰ ফলশ্ৰুতিতে হত্যা কৰা হৈছিল পৰাগজ্যোতি নেওগ নামৰ যুৱকজনক । চাবুৱা বাইপাছৰ কয়লাবাৰীত দোকান দি জীৱন নিৰ্বাহ কৰিছিল পৰাগজ্যোতিয়ে ।
পৰাগজ্যোতি নেওগৰ 6 হত্যাকৰী আৰক্ষীৰ জালত 23 মে'ৰ দিনা অভিযুক্ত লোককেইজনে পৰাগজ্যোতিক কথা পাতিবলৈ মাতি নি অতি নৃশংসভাৱে হত্যা কৰে । ইয়াৰ পিছতেই ডিব্ৰুগড় আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি আৰম্ভ কৰিছিল তদন্ত । হত্যাকাণ্ডটোৰ সৈতে কমেও 14ৰ পৰা 15 জনকৈ লোক জড়িত হৈ থকাৰ কথা ব্যক্ত কৰে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে । লগতে তেখেতে এই ঘটনাক গোষ্ঠীগত সংঘৰ্ষলৈ ৰূপান্তৰিত নকৰাৰ বাবে লোকসকলক আহ্বান জনায় ।
লগতে পঢ়ক- কি হ'ব নাট্য জগতৰ ভৱিষ্যত? অনিশ্চয়তাত কলা-কুশলী