মৰাণ, ১৪ মাৰ্চ: বৰ্তমান ৰাজনৈতিক পৰিৱেশ সম্পৰ্কত মৰাণত পলাশ চাংমায়ে কয় যে বিশেষ পৰিৱেশ পৰিস্থিতি 'কা' আন্দোলনৰ সময়ত অসমৰ ৰাইজে এক বিকল্প আঞ্চলিক ৰাজনৈতিক দল গঠন হোৱাটো বিচাৰিছিল । কিন্তু ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ মাজত ভোট বিভাজনৰ ফলত যাতে সাম্প্ৰদায়িক শক্তিসমূহ লাভৱাম্বিত নহয় তাৰ বাবে দুয়োটা আঞ্চলিক ৰাজনৈতিক দলেই ৰাজনৈতিক পৰিকল্পনা কৰাটো প্ৰয়োজন আছে বুলি কয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে ।
ভোট বিভাজন সন্দৰ্ভত মন্তব্য পলাশ চাংমাইৰ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই
ভোট বিভাজন যাতে নহয় তাৰ বাবে ৰাইজৰ দল আৰু জাতীয় পৰিষদক পৰিকল্পনা কৰিবলৈ আহ্বান পলাশ চাংমাইৰ । ভোট বিভাজনৰ ফলত যাতে সাম্প্ৰদায়িক শক্তিসমূহ লাভৱাম্বিত নহয় তাৰ বাবে দুয়োটা আঞ্চলিক ৰাজনৈতিক দলেই ৰাজনৈতিক পৰিকল্পনা কৰাটো প্ৰয়োজন বুলি মন্তব্য পলাশ চাংমাইৰ ।
![ভোট বিভাজন সন্দৰ্ভত মন্তব্য পলাশ চাংমাইৰ ভোট বিভাজন সন্দৰ্ভত মন্তব্য পলাশ চাংমাইৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11000391-515-11000391-1615698618157.jpg)
ভোট বিভাজন সন্দৰ্ভত মন্তব্য পলাশ চাংমাইৰ
ভোট বিভাজন সন্দৰ্ভত মন্তব্য পলাশ চাংমাইৰ
'কা' আন্দোলনৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগত একেলগে এক নতুন ৰাজনৈতিক দল গঠন কৰিবলৈ চেষ্টা চলাইছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে । কিন্তু পৰৱৰ্তী সময়ত আছুৰ নেতৃত্বত অসম জাতীয় পৰিষদ গঠন হ'ল যদিও পলাশ চাংমায়ে ৰাজনৈতিক পথাৰলৈ নগৈ পুনৰ জাতীয় পৰিষদ সম্পাদকৰ দায়িত্ব পালন কৰিলে ।
লগতে পঢ়ক:নিযুক্তিত সংস্কাৰ নহ'ল সোণোৱালৰ দিনত: নিৰ্বাচনত কি সিদ্ধান্ত ল'ব নিবনুৱাই ?