মৰাণ,15 অক্টোবৰ: অসমত গছ ৰুব নালাগে, গছ কাটিবও নালাগে গছ নিজে গজিব- এই মন্তব্য পদ্মশ্ৰী যাদৱ পায়েঙৰ ৷ বগীবিলৰ উত্তৰ পাৰত অৱস্থিত জংকী পানৈ ৰিজৰ্টত শুকুৰবাৰে গছপুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণ সন্দৰ্ভত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে পদ্মশ্ৰী যাদৱ পায়েঙে । পৰিৱেশ সংৰক্ষণৰ লগতে বৃহৎ নদীবান্ধৰ বিৰুদ্ধেও সৰৱ হৈ পৰে অৰণ্য মানৱ যাদৱ পায়েং (Jadav Payeng reacts on river dam)।
বৃহৎ নদীবান্ধে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে । উত্তৰ পূৰ্বাঞ্চলত নদীবান্ধৰ কোনো প্ৰয়োজন নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অৰণ্য মানৱগৰাকীয়ে । নদীবান্ধৰ নেতিবাচক দিশবোৰৰ সন্দৰ্ভত ক’বলৈ গৈ পায়েঙে কয় যে নদীবান্ধ নিৰ্মাণৰ ফলত গছ-গছনিও কাটিবলগীয়া হয় আৰু ইয়েই কোমল কৰি পেলায় পাহাৰৰ মাটি । যাৰ ফল ভোগ কৰে সৰ্বসাধাৰণে ।
শেহতীয়াভাবে নিৰ্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ফলত ইতিমধ্যে অভাৱনীয় সমস্যাৰ সন্মুখীন হবলগীয়াত পৰিছে ৰাইজ(Lower Subansiri hydropower project) । অৰুণাচলৰ দুইমুখৰ ইয়াডলিৰ নদীবান্ধ প্ৰকল্পটোৰ বাবে ৩০ কিলোমিটাৰ দূৰত্বলৈকে পানীৰ অভাৱৰ সৃষ্টি হৈছে । উত্তৰ- পূৱত এশ বছৰৰ পিছত পানীৰ অভাৱ ঘটিব বুলি উল্লেখ কৰি পায়েঙে পুনৰ কয় যে, গছ- গছনি ৰুইহে পানীৰ ব্যৱস্থা কৰিব লাগে ।
আহোম ৰাজত্বকালত শিৱসাগৰত ঘৰে ঘৰে পুখুৰী খন্দা হৈছিল। এতিয়া পুখুৰী খান্দি বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগিব। গছ ৰুব নালাগে, গছ কাটিবও নালাগে । গছ নিজে গজিব- বুলি পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতন হ'বলৈ ৰাইজলৈ আহ্বান জনায় তেওঁ (Padmashri Jadav Payeng) ৷ ৰাজ্যত হৈ থকা প্ৰৱল গৰাখহনীয়া প্ৰসংগতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় অৰণ্য মানৱ যাদৱ পায়েঙে । মকাল বাঁহ ৰুলে নদীৰ গৰাখহনীয়া ৰোধ কৰিব পাৰি বুলি কয় অৰণ্য মানৱগৰাকীয়ে(Erosion in Assam) ।