মৰাণ, 4 ডিচেম্বৰ : কালিকা লাগিছে নেকি কংগ্ৰেছত ? সুশান্ত, ৰূপজ্যোতি গ’ল, শশীকান্তও বহিস্কাৰ হ’ল ৷ এইবাৰ চৰ্চাত পৱন সিং ঘাটোৱাৰ (Senior congress leader Paban Singh Ghatowar) ৷ উজনি অসমৰ জ্যেষ্ঠ তথা একালৰ প্ৰতাপী কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ কাৰ্য-কলাপে সৃষ্টি কৰিছে সন্দেহৰ ৷ চাৰিমাহৰ ভিতৰত দুবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠক প্ৰাক্তন ড’নাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ ৷
যোৱা অক্টোবৰ মাহৰ পহিলা দিনটোত ডিব্ৰুগড় ভ্ৰমণ কৰিবলৈ যোৱা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে (Paban Singh Ghatowar meets Himanta Biswa Sarma)৷ এইবাৰ পুনৰ সোমবাৰে নিশা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে ঘাটোৱাৰে ৷ এই কাৰ্যই স্বাভাৱিকতেই চৰ্চা লাভ কৰিছে ৰাজনৈতিক মহলত ৷ কিয়নো ৰাজ্যত এতিয়া সুলভ হৈ পৰিছে দল বাগৰাৰ খেল ৷
এফালে কংগ্ৰেছে সপোন দেখিছে পৱন সিং ঘাটোৱাৰৰ জৰিয়তে উজনিৰ চাহ বাগিছা অঞ্চলত স্থিতি মজবুত কৰাৰ ৷ আনফালে মুখ্যমন্ত্ৰীৰ সৈতে চাৰিমাহত দুবাৰকৈ মিলিত হৈছে ঘাটোৱাৰ ৷ অৱশ্যে, এই বৈঠক অৰাজনৈতিক বুলি উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৷