অসম

assam

ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয়ত অক্সিজেন উৎপাদনকাৰী প্লাণ্ট মুকলি - oxygen plant at assam medical college

অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি আৰু অধীক্ষক প্ৰশান্ত দিহিঙীয়াই প্লাণ্ট দুটা মুকলি কৰি প্ৰতিটো প্লাণ্টৰ জৰিয়তে ১০০ টাকৈ মুঠ ২০০ টা বৃহৎ আকাৰৰ অক্সিজেন চিলিণ্ডাৰ উৎপাদন কৰিবলৈ সক্ষম হ'ব বুলি কয় ৷ লগতে চিকিৎসা মহাবিদ্যালয়ত প্ৰতিদিনে ১২০ ৰ পৰা ১৪০ টা বৃহৎ আকাৰৰ অক্সিজেন চিলিণ্ডাৰৰ প্ৰয়োজন হয় ৷ এই নতুন প্লাণ্টৰ জৰিয়তে ৰোগীক পাইপ লাইনেৰে অক্সিজেন যোগান ধৰা হ'ব বুলিও ডাঃ কাকতীয়ে কয় ।

অসম চিকিৎসা মহাবিদ্যালয়ত অক্সিজেন উৎপাদনকাৰী প্লাণ্ট মুকলি
অসম চিকিৎসা মহাবিদ্যালয়ত অক্সিজেন উৎপাদনকাৰী প্লাণ্ট মুকলি

By

Published : Apr 29, 2021, 11:56 AM IST

মৰাণ/ডিব্ৰুগড়, 29 এপ্ৰিল: সমগ্ৰ দেশতে অক্সিজেনৰ অভাৱত কেইবাগৰাকীও ৰোগীৰ মৃত্যু হোৱাৰ সময়তে ৰাজ্যলৈ এটা ভাল খবৰে আশাৰ সঞ্চাৰ আনিছে ৷ কৰ’ণাৰ এই ভয়ংকৰ পৰিস্থিতিত ৰোগীয়ে যাতে অক্সিজেনৰ অভাৱত অকালতে মৃত্যুবৰণ কৰিব লগা নহয়, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ৰোগীসকলৰ চিকিৎসা সেৱাৰ বাবে দুটাকৈ নতুন অক্সিজেন উৎপাদনকাৰী প্লাণ্ট বুধবাৰৰ পৰা কাৰ্যক্ষম হোৱাকৈ মুকলি কৰে ।

অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি আৰু অধীক্ষক প্ৰশান্ত দিহিঙীয়াই প্লাণ্ট দুটা মুকলি কৰি প্ৰতিটো প্লাণ্টৰ জৰিয়তে ১০০ টাকৈ মুঠ ২০০ টা বৃহৎ আকাৰৰ অক্সিজেন চিলিণ্ডাৰ উৎপাদন কৰিবলৈ সক্ষম হ'ব বুলি কয় ৷ লগতে চিকিৎসা মহাবিদ্যালয়ত প্ৰতিদিনে ১২০ ৰ পৰা ১৪০ টা বৃহৎ আকাৰৰ অক্সিজেন চিলিণ্ডাৰৰ প্ৰয়োজন হয় ৷ এই নতুন প্লাণ্টৰ জৰিয়তে ৰোগীক পাইপ লাইনেৰে অক্সিজেন যোগান ধৰা হ'ব বুলিও ডাঃ কাকতীয়ে কয় ।

অক্সিজেন উৎপাদনকাৰী প্লাণ্ট মুকলি

উল্লেখ্য যে, বাকী ৰৈ যোৱা ৬০-৭০ টা বৃহৎ আকাৰৰ উৎপাদিত অক্সিজেন চিলিণ্ডাৰ যি কোনো জৰুৰীকালীন সময়ৰ বাবে অসম মেডিকেল কলেজত সংৰক্ষণ কৰি ৰখা হ'ব বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে । মহামাৰী ক'ভিডৰ সময়ত ডিব্ৰুগড়তো দৈনিক বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা ৷ এনে সময়তে অসম চিকিৎসা মহাবিদ্যালয়ৰ এনে ব্যৱস্থাই সকলো ৰোগীক বহু সকাহ দিব পাৰিব বুলি বিবেচিত হৈছে ।

লগতে পঢ়ক : ক'ভিড-ভূমিকম্পক লৈ মুখ্যমন্ত্ৰীৰ বৈঠক

ABOUT THE AUTHOR

...view details