মৰাণ, 8 জুন :ডিব্ৰুগড়ৰ ক'ভিড পৰিস্থিতি পূৰ্বৰ তুলনাত কিছু সুস্থিৰ হৈছে যদিও সমগ্ৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইত দৈনিক নতুন ক'ভিড ৰোগী চিনাক্ত হৈ আছে । সেয়েহে সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত নতুনকৈ স্থাপন কৰা হ'ব অক্সিজেন জেনেৰেটৰ প্লাণ্ট (Oxygen generator plant) ।
মঙলবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা জিলা সমন্বয়ৰক্ষী সমিতিৰ এখন সভাত এই কথা সদৰি কৰা হয় ৷ অসম চিকিৎসা মহাবিদ্যালয় (AMCH) ৰ চৌহদত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত স্থাপন হ'বলগীয়া পি.এচ.এ. অক্সিজেন জেনেৰেটৰ প্লাণ্ট সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে উপায়ুক্তগৰাকীয়ে ৷