মৰাণ,16 জানুৱাৰী:2021 ৰ আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ মাজত মাহমৰা সমষ্টিত কংগ্ৰেছৰ ভেটি ক্ৰমাৎ উচন হোৱাৰ দিশে আগবঢ়া পৰিলক্ষিত হৈছে ৷ প্ৰায় প্ৰতিদিনেই সমষ্টিটোত বহু কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি বিজেপিৰ গেৰুৱা বসন পৰিধান কৰাৰ পৰিপ্ৰেক্ষিততে কংগ্ৰেছ দলৰ ভেটি সমষ্টিটোত প্ৰায় থৰক বৰক হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে অধিক তৎপৰতাৰে দলীয় ভেঁটি শক্তিশালী কৰি তুলিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে মাহমৰা সমষ্টিত কংগ্ৰেছ দলৰ ফালৰ পৰা কোনো তৎপৰতা পৰিলক্ষিত হোৱা নাই ৷ বিজেপি দলত প্ৰতিদিনে নতুন নতুন লোকে প্ৰৱেশ কৰাৰ বিপৰীতে কংগ্ৰেছৰ পৰা বহু নেতা কৰ্মীয়ে বিদায় লোৱাহে পৰিলক্ষিত হৈছে ৷