অসম

assam

ETV Bharat / state

বানৰ কৱলত লাওখোৱা,বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য - পহু

ৰাজ্য়ৰ অন্য প্ৰান্তৰ লগতে বানৰ কৱলত পৰিছে এসময়ৰ এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত লাওখোৱা,বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য দুখন । লাওখোৱাৰ চাৰি নং ভগামুখৰ এটা কৃষিবান্ধ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিঙি নিয়াৰ ফলত ইতিমধ্যেই সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে দুয়োখন বন্যপ্ৰাণী অভয়াৰণ্য। অভয়াৰণ্য দুখনৰ দুটা পহু আৰু এটা বনগাহৰি ইতিমধ্যে মৃত্যুমুখত পৰিছে বানৰ কৱলত । জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দিনে নিশাই পহৰাৰ ব্যৱস্থা কৰিছে নগাঁও বন্যপ্ৰাণী সংমণ্ডলে ।

Over 25 lakhs people affected flood in assam
বানৰ কৱলত লাওখোৱা,বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য

By

Published : Jul 16, 2020, 7:13 PM IST

নগাঁও, 16 জুলাই : মহামাৰী কৰ'ণাৰ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে চৰকাৰ-প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ লোক সষ্টম হৈ পৰাৰ সময়তে আকৌ ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা প্ৰবল বানে বুৰাই পেলাইছে ৰাজ্য়খনৰ বিভিন্ন অঞ্চল ৷

বানৰ কৱলত লাওখোৱা,বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য

ৰাজ্য়ৰ অন্য প্ৰান্তৰ লগতে বানৰ কৱলত পৰিছে এসময়ৰ এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত লাওখোৱা, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য দুখন । লাওখোৱাৰ চাৰি নং ভগামুখৰ এটা কৃষিবান্ধ ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিঙি নিয়াৰ ফলত ইতিমধ্যেই সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে দুয়োখন বন্যপ্ৰাণী অভয়াৰণ্য।

অভয়াৰণ্য দুখনৰ প্ৰায় আটাইকেইটা বন শিবিৰ প্লাৱিত হৈছে বাঢ়নী পানীত ৷ জানিব পৰা মতে,অভয়াৰণ্য দুখন বছৰৰ দ্বিতীয়টো বানে সম্পূৰ্ণ প্লাৱিত কৰাত নিৰাপদ আশ্ৰয় বিচাৰি এতিয়া হাহাকাৰ কৰিছে অভয়াৰণ্য দুখনৰ বন্যপ্ৰাণী সমূহে । তীব্ৰ খাদ্য সংকটতো ভুগিছে অভয়াৰণ্য দুখনৰ জীৱকুল । আশ্রয়ৰ সন্ধানত অভয়াৰণ্যৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে বহু বন্যপ্ৰাণী ।

উল্লেখ্য যে,অভয়াৰণ্য দুখনৰ দুটা পহু আৰু এটা বনগাহৰি ইতিমধ্যে মৃত্যুমুখত পৰিছে বানৰ কৱলত । জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দিনে নিশাই পহৰাৰ ব্যৱস্থা কৰিছে নগাঁও বন্যপ্ৰাণী সংমণ্ডলে। আনহাতে,জনাঞ্চললৈ ওলাই অহা ৩০ টাৰো অধিক বন্যপ্ৰাণী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বন বিভাগে ।

লগতে,বানৰ কৱলত পৰা লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ অধিকাংশ বন্যপ্ৰাণীয়েই আশ্ৰয় লৈছে অভয়াৰণ্যত নিৰ্মাণ কৰা হাইলেণ্ডত । অভয়াৰণ্য দুখনত বানৰ পূৰ্বেই নিৰ্মাণ কৰা হৈছিল দুটাকৈ হাইলেণ্ড। অভয়াৰণ্য দুখনত জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অধিক হাইলেণ্ডৰ প্ৰয়োজন বুলিও মন্তব্য কৰে বন্যপ্ৰাণী সংমণ্ডল বিষয়া টি চি ৰঞ্জিতে ৷

লগতে পঢ়ক : আমেৰিকাৰ মিলেনিয়াৰ-প্ৰখাত ব্যক্তি টুইটাৰ একাউন্ট হেক

ABOUT THE AUTHOR

...view details