মৰাণ, 7 অক্টোবৰ :ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষক সকলক নিৰ্দেশ দিছিল যে কোনোৱেই ৰাজনৈতিক দলৰ হৈ কাম কৰিব নোৱাৰিব । বিদ্যালয় এৰি ৰাজনৈতিক সভাত ব্যস্ত থকা শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে । পিছে কাৰ্যত মুখ্যমন্ত্ৰীৰ এই কথালৈ যেন কোনো কেৰেপেই নকৰে ৰাজ্যৰ একাংশ শিক্ষকে । শেহতীয়াকৈ মৰাণৰ লেঙেৰীত বিজেপিৰ এখন দলীয় সভাত এখন বিদ্যালয়ৰ অধ্যক্ষই অংশ লৈ সমালোচনাৰ সন্মুখীন হ'ল দল সংগঠনৰ ।
উল্লেখযোগ্য যে, টিংখাং সমষ্টিৰ মৰাণৰ লেঙেৰীত শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টীৰ এখন যোগদান সভা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত অনুষ্ঠিত হয় । সভাত টিংখাং আছুৰ প্ৰাক্তন সভাপতি সহঃ কেইবাটাও জাতীয় সংগঠনৰ কৰ্মীয়ে বিজেপিত যোগদান কৰে । উক্ত যোগদান সভাতে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈয়ে অংশগ্ৰহণ কৰাৰ বিষয়টোকলৈ এতিয়া টিংখাঙত বিভিন্ন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।