অসম

assam

ETV Bharat / state

মৰাণত অসম জাতীয় পৰিষদৰ সাংগঠনিক তৎপৰতা - 2021 ৰ নিৰ্বাচন

লক্ষ্য 2021 ৰ নিৰ্বাচন ৷ মৰাণত সাংগঠনিক তৎপৰতা আৰম্ভ অসম জাতীয় পৰিষদৰ ৷ বহু লোকৰ দলটোত যোগদান ৷

organisational work of AJP progress in Moran dibrugarh assam etv bharat news
অসম জাতীয় পৰিষদৰ সাংগঠনিক তৎপৰতা

By

Published : Jan 2, 2021, 10:20 AM IST

মৰাণ,2 জানুৱাৰী:সমাগত ২০২১ ৰ অসম বিধানসভাৰ নিৰ্বাচন ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ সমান্তৰালকৈ নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদেও অব্যাহত ৰাখিছে ৰাজনৈতিক তৎপৰতা ৷ নিৰ্বাচনীকেন্দ্ৰিক তৎপৰতা পৰিলক্ষিত হৈছে মৰাণ বিধানসভা সমষ্টিতো ৷

অসম জাতীয় পৰিষদৰ সাংগঠনিক তৎপৰতা

উল্লেখ্য যে,নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদে মৰাণ সমষ্টিত দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে কুচ-কাৱাজ ৷ সমষ্টিটোৰ পঞ্চায়তৰ পৰা আৰম্ভ কৰি ৱাৰ্ড সমিতিলৈকে সকলো কমিটি গঠন কৰাৰ পিছত তৃণমূল পৰ্যায়লৈকে দলটোক আগুৱাই নিবলৈ চেষ্টা অব্যাহত ৰাখিছে সমষ্টিটোৰ দায়িত্বত থকা দলীয় নেতা-কৰ্মীসকলে ৷ ৰাজ্যত বিজেপিৰ উত্থানৰ পিছতো মৰাণৰ বহু লোকে দলটোত যোগদান কৰে ৷

লগতে চাওকঃসম্পূৰ্ণ হোৱাৰ দিশে তাজমহলৰ মেৰামতি

ABOUT THE AUTHOR

...view details