অসম

assam

ETV Bharat / state

Raid in Dibrugarh DTO House: ডিব্ৰুগড়ত উজান উঠিছে অচল-সচল টকাৰ, অভিযান অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই - পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকা

প্ৰথমে কনিষ্ঠ সহায়ক, তাৰ পাছতে পৰিবহন বিষয়াৰ গৃহত উদ্ধাৰ লাখে-লাখে টকা ৷ ডিব্ৰুগড়ৰ পৰিবহন বিভাগৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ বাসগৃহত উঠা টকাৰ উজানত দৃষ্টি নিবদ্ধ হৈছে সকলোৰে ৷ দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই (Raid in Dibrugarh DTO House)৷

Dibrugarh district transport office
ডিব্ৰুগড়ত উজান উঠিছে অচল-সচল টকাৰ, অভিযান অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই

By

Published : Oct 21, 2022, 5:43 PM IST

ডিব্ৰুগড়, 21 অক্টোবৰ : 19 অক্টোবৰত ডিব্ৰুগড় পৰিবহন বিভাগৰ কাৰ্যালয়ত(Dibrugarh district transport office) দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই কনিষ্ঠ সহায়িকাৰ লগতে এটা দালালক হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল (Dibrugarh DTO officials arrested)৷ 700 টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা দীতিমণি গগৈ নামৰ কনিষ্ঠ সহায়িকাগৰাকীৰ বাসগৃহতো চলিছিল অভিযান ৷ অভিযান কালত দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীগৰাকীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ নগদ ধন ৷

ইয়াৰ পাছতে অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ সঞ্চালকালয়ে ডিব্ৰুগড়ত তীব্ৰতৰ কৰিছে অভিযান । এদিনৰ পূৰ্বে ডিব্ৰুগড় পৰিবহন বিভাগৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক দীতিমণি গগৈৰ বাসগৃহৰ পৰা ৯,৩০,৫০০ টকাৰ উদ্ধাৰ হোৱাৰ পিছতেই শুকুৰবাৰে পুনৰ ডিব্ৰুগড় জিলাৰ পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকাৰ বাসগৃহৰ পৰা উদ্ধাৰ হয় ৭,০৩,৮০০ লাখ টকা ।

ডিব্ৰুগড়ত উজান উঠিছে অচল-সচল টকাৰ

নগদ ধন জব্দ কৰাৰ লগতে পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকাৰ বাসগৃহৰ পৰা উদ্ধাৰ হয় ৮৭ হাজাৰ অচল নোট (Demonetized notes recovered in Dibrugarh) । ইতিমধ্যে অভিযানকাৰী দলটোৱে পৰিবহন বিষয়াগৰাকীক ডিব্ৰুগড়ৰ ষ্টেট বেংকত থকা একাউন্ট পৰীক্ষা কৰাৰ লগতে বিষয়াগৰাকীৰ কাৰ্যালয়তো যাৱতীয় নথি-পত্ৰসমূহ পৰীক্ষা কৰে ৷ ইয়াৰোপৰি ভিন্ন স্থানত মাৰাথন জেৰা অব্যাহত ৰাখিছে পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকা (Raid in Dibrugarh DTO House)।

উল্লেখ্য যে, দুদিনৰ ব্যৱধানত এনেদৰে দুজন চৰকাৰী বিষয়াৰ বাসগৃহৰ পৰা লাখ লাখ টকা উদ্বাৰ হোৱা কাৰ্যই ডিব্ৰুগড় জনসাধাৰণক হতভম্ব কৰি তুলিছে । আনহাতে পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকাৰ বিৰুদ্ধে কি সিদ্ধান্ত ল'ব দুৰ্নীতি নিবাৰক শাখাই সেই কথা এতিয়াও স্পষ্ট হোৱা নাই । সঞ্জীৱ হাজৰিকাৰ বাসগৃহত বৃহৎ ধন উদ্ধাৰ হোৱাৰ পাছতে এটা কথা প্ৰমাণ হৈছে ডিব্ৰুগড় পৰিবহন বিভাগৰ কাৰ্যালয়ৰ বিষয়াগৰাকীৰ নেতৃত্বই চলি আহিছিল দুৰ্নীতি ।

অভিযোগ অনুসৰি পৰিবহন বিষয়াৰ কাৰ্যালয়টোলৈ কোনো কাম লৈ অহা প্ৰতিজন লোকৰ পৰা লৈ আহিছে ধন । ধন নিদিলে ডিব্ৰুগড় পৰিবহন বিভাগৰ কাৰ্যালয়ত কোনো কাম সিদ্ধি নহয় বুলি অভিযোগ দীৰ্ঘদিনৰ পৰাই অভিযোগ উত্থাপিত হৈ আহিছে ।

লগতে পঢ়ক :Raid in DTO House: ডিব্ৰুগড় জিলা পৰিবহন বিষয়া বাসগৃহৰ পৰা লাখ লাখ টকা জব্দ

ABOUT THE AUTHOR

...view details