মৰাণ,9 অক্টোবৰঃৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰা অপৰাধ, দুৰ্নীতি, দালালৰ বিৰুদ্ধে কঠোৰ প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল ৷ ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ লাভ কৰিয়েই অসম আৰক্ষীয়েও ৰাজ্যত সংঘটিত হৈ থকা অপৰাধ জনিত ঘটনা, দুৰ্নীতি আৰু দালালৰ বিৰুদ্ধে মাৰাথান অভিযান চলাই বহু কুখ্যাত অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমানেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে অভিযান চলাই জালত পেলাবলৈ সক্ষম হৈছে ইটোৰ পাছত সিটো অপৰাধী ৷
ইপিনে মাটিৰ দালালৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তীব্ৰ অভিযান চলাই থকা সমান্তৰালভাৱে ডিব্ৰুগড়ৰ দুলীয়াজানত গাড়ীৰ দালাল চক্ৰৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী । এক বৃহৎ গাড়ীৰ দালাল চক্ৰৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষীয়ে অভিযান চলাই যোৱা দুটা দিনত এখন দুখন নহয়, ১৬ খনকৈ বিলাসী গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে ।
দুলীয়াজানত আৰক্ষীৰ জালত এক বৃহৎ গাড়ীৰ দালাল চক্ৰ উল্লেখযোগ্য যে, অইল ইণ্ডিয়া লিমিটেডৰ লগতে উদ্যোগ প্ৰতিষ্ঠানটোত ঠিকাভিত্তিক নিয়োজিত কেইবাটাও ব্যক্তিগত ঠিকা প্ৰতিষ্ঠানক মোটা অংকৰ মাহেকীয়া ভাড়াৰ টোপ দি চক্ৰটোৱে প্ৰৱঞ্চনা কৰি আহিছিল । উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আদি জিলাৰ প্ৰায় শতাধিক বিলাসী গাড়ীৰ গৰাকীয়ে এই গাড়ী দালালী চক্ৰৰ কৱলত পৰি এতিয়া নিজ গাড়ীৰ কোনো শুংসূত্ৰ লাভ কৰা নাই ।
গাড়ীৰ এই দালাল চক্ৰটোৰ লগত বহু ৰাজনৈতিক নেতা, একাংশ দল-সংগঠনৰ নেতা আৰু অইলৰ বিষয়া জড়িত থকাৰ তথ্য লাভ কৰিছে অসম আৰক্ষীয়ে । সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে বিশেষ নক'লেও ইতিমধ্যে আৰক্ষীয়ে ঘটনা সৰ্ন্দভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । অৱশ্যে আৰক্ষীয়ে কোনো অভিযুক্তক এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই ।
লগতে পঢ়কঃ তিতাবৰতো হ’ব নেকি উপ নিৰ্বাচন : বিজেপিৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কংগ্ৰেছী বিধায়কৰ