অসম

assam

ETV Bharat / state

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন ধ্বংসযজ্ঞ চলোৱা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে সৰৱ বন বিভাগ - দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন ধ্বংস

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ চ’ৰাত বন ধ্বংসযজ্ঞ চলোৱা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বনবিভাগ (Deforestation in Dihing Patkai National Park)। প্ৰতিদিনে বনবিভাগৰ দলে অভিযান চলাই উদ্যানখনৰ ভিতৰত বন ধ্বংসযজ্ঞ চলোৱা লোকসকলক আটক কৰাৰ লগতে বহু মূল্যৱান কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে ।

Dihing Patkai National Park
বন ধ্বংসযজ্ঞ চলোৱা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে সৰৱ বন বিভাগ

By

Published : May 2, 2022, 10:26 PM IST

মৰাণ, 2 মে’: দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচৰাত বন ধ্বংসযজ্ঞ চলোৱা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বনবিভাগ (Deforestation in Dihing Patkai National Park)। প্ৰতিদিনে বনবিভাগৰ দলে অভিযান চলাই উদ্যানখনৰ ভিতৰত বন ধ্বংসযজ্ঞ চলোৱা লোকসকলক আটক কৰাৰ লগতে বহু মূল্যৱান কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে, এসপ্তাহ ধৰি বনবিভাগে চলোৱা অভিযান কালত চোৰাং কাঠৰ ব্যৱসায়ৰ লগত জড়িত মূল নায়ক বুবুল নির্মলীয়াৰ লগতে জয়পুৰ অভয়পুৰৰ জিকিৰ ওৰাং, নাহৰকটীয়াৰ শোভিত শৰ্মা আৰু জয়পুৰ অভয়পুৰৰ টছেন বৰা নামৰ লোককেইজনক আটক কৰিছে বন বিভাগৰ এটা দলে । ইফালে দেওবাৰে দিনৰ ভাগত অভয়পুৰ অঞ্চলত বনবিভাগে অভিযান চলাই বহু মূল্যৱান তিতাচপা কাঠ টছেন বৰা নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

বন ধ্বংসযজ্ঞ চলোৱা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে সৰৱ বন বিভাগ

আনহাতে চলি থকা এই অভিযানত বনবিভাগে আৰু কেইবাজনো চোৰাং কাঠৰ বেহাৰ লগত জড়িত ব্যক্তি জালত পৰিব বুলি জানিবলৈ দিছে । লগতে নাহাৰকটীয়া সমষ্টিৰ বিভিন্ন ঠাইত চলি থকা অবৈধ কাঠফলা মিলসমূহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিব বুলি প্ৰকাশ কৰে ।

লগতে পঢ়ক:Daylight Robbery in Guwahati: মাছ ব্যৱসায়ীৰ পৰা লুটিলে 28 লাখ টকা

ABOUT THE AUTHOR

...view details