অসম

assam

By

Published : Jun 29, 2021, 9:23 PM IST

ETV Bharat / state

চৰাইদেউত অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান

চৰাইদেউ জিলাৰ আবকাৰী বিভাগে জিলাখনৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় । সোণাৰি আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত জিলাখনৰ আইদেউবাৰী, লংপতীয়া, টীয়কহাবি, বেঙেনাবাৰী, সোণালীপাম, গুটিঘাট আদি অঞ্চলত বহুকেইটা অবৈধ চুলাই মদৰ ঘাটি উচ্ছেদ কৰা হয় । অভিযানকাৰী দলটোৱে প্ৰায় ৮৮০ লিটাৰ চুলাই মদ তৈয়াৰ কৰাত ব্যবহৃত গেলা পাছ, ৩০ লিটাৰ চুলাই মদ আৰু ৬ টা চুলাই মদ প্ৰস্তুত কৰা যন্ত্ৰ উচ্ছেদ কৰি সেই স্থানতে ধ্বংস কৰে ।

Excise raid
চৰাইদেউত অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰীৰ অভিযান

মৰাণ, ২৯ জুন : বৰ্তমানৰ চৰকাৰখনত মুখ্যমন্ত্ৰী হিচাপে ড: হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পিছতে সুৰা অথবা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে যথেষ্ট সষ্টম হোৱা দেখা গৈছে চৰকাৰক । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে ড্ৰাগছ (Drugs) আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে একপ্ৰকাৰ জেহাদ ঘোষণা কৰিছে অসম আৰক্ষীয়ে । ৰাজ্যৰ আবকাৰী বিভাগ (Excise Department) বহি থকা নাই ।

চৰাইদেউত অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰীৰ অভিযান

ৰাজ্যৰ ভিন্ন প্ৰান্তত অবৈধ সুৰাৰ (Illegal wine) বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আবকাৰী বিভাগে । কিয়নো ক'ভিড (Covid) পৰিস্থিতিৰ মাজতো একাংশ অসাধু চক্ৰই সান্ধ্য আইনৰ (Night curfew) মাজতে অব্যাহত ৰাখিছে চুলাই মদৰ অবৈধ বেহা । এনেধৰণৰ এক খবৰ লাভ কৰাৰ পিছতে মঙলবাৰে চৰাইদেউ জিলাৰ আবকাৰী বিভাগে জিলাখনৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় ।

সোণাৰি আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত জিলাখনৰ আইদেউবাৰী, লংপতীয়া, টীয়কহাবি, বেঙেনাবাৰী, সোণালীপাম, গুটিঘাট আদি অঞ্চলত বহুকেইটা অবৈধ চুলাই মদৰ ঘাটি উচ্ছেদ কৰা হয় । অভিযানকাৰী দলটোৱে প্ৰায় ৮৮০ লিটাৰ চুলাই মদ তৈয়াৰ কৰাত ব্যবহৃত গেলা পাছ, ৩০ লিটাৰ চুলাই মদ আৰু ৬ টা চুলাই মদ প্ৰস্তুত কৰা যন্ত্ৰ উচ্ছেদ কৰি সেই স্থানতে ধ্বংস কৰে । চৰাইদেউ জিলাত আৰক্ষী আৰু আবকাৰী বিভাগে ধাৰাবাহিকভাবে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই যোৱাৰ পিছতো এচাম ব্যক্তিয়ে এনেদৰে অবৈধ সুৰাৰ প্ৰস্তুত, বিক্ৰী তথা সেৱন অব্যাহত ৰাখিছে ।

চৰাইদেউত অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰীৰ অভিযান

এইক্ষেত্ৰত আৰক্ষী আৰু আবকাৰী বিভাগক অধিক কঠোৰভাৱে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলোৱাৰ পোষকতা কৰিছে জিলাখনৰ সচেতন ৰাইজে ৷ লক্ষণীয়ভাৱে ৰাইজৰ অভিযোগৰ ভিত্তিত বিভিন্ন সময়ত আবকাৰী বিভাগে এনেদৰে চুলাই মদৰ ঘাটি উচ্ছেদ কৰে বা এই ক্ষেত্ৰত বহু লোকক আটক কৰাও দেখা যায় । কিন্তু পৰৱৰ্তী সময়ত পুনৰ উচ্ছেদ কৰা স্থানবোৰত আৰম্ভ হয় চুলাই মদৰ ব্যৱসায় (Illegal business of wine) । সেয়ে এইক্ষেত্ৰত এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি স্থায়ীভাৱে সমস্যা সমাধানৰ দাবী তুলিছে সচেতন মহলে ।

লগতে পঢ়ক:প্ৰসংগ APSC কেলেংকাৰী: প্রাক্তন DIGৰ পুত্র, সাংবাদিকৰ আত্মীয়ক তলব

ABOUT THE AUTHOR

...view details