অসম

assam

ETV Bharat / state

চুতীয়া জনগোষ্ঠীৰ ঐতিহাসিক সমল সংৰক্ষণৰ উদ্দেশ্যে মৰাণত সংগ্ৰহালয় মুকলি - গৱেষণা প্ৰতিষ্ঠান

চুতীয়া জনগোষ্ঠীৰ বাবে সু-খবৰ ৷ মুকলি কৰা হ'ল জনগোষ্ঠীটোৰ বাবে সংগ্ৰহালয় ৷ সংগ্ৰহালয়টোত থাকিব জনগোষ্ঠীটোৰ সংস্কৃতিৰ মেটমৰা সম্ভাৰ ৷

Opening of Museum at Moran for Preservation of Historical Materials of Chutia Community
মৰাণত চুতীয়া জনগোষ্ঠীৰ সংগ্ৰহালয় মুকলি

By

Published : Nov 6, 2020, 9:37 AM IST

মৰাণ, 6 নৱেম্বৰ :অসমীয়া ভাষা-সংস্কৃতি সমৃদ্ধশালী কৰা অসমৰ অন্যতম জনগোষ্ঠী হ'ল চুতীয়া জনগোষ্ঠী । জনগোষ্ঠীটোৰ ঐতিহাসিক সমল তথা সাহিত্য-সংস্কৃতিৰ মেটমৰা সম্ভাৰ নতুন প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ উদ্দেশ্যে মৰাণত চুতীয়া জনগোষ্ঠীৰ সংগ্ৰহালয় আৰম্ভ কৰাৰ লগতে গৱেষণা প্ৰতিষ্ঠান নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে ।

মৰাণত চুতীয়া জনগোষ্ঠীৰ সংগ্ৰহালয় মুকলি

বৃহস্পতিবাৰে মৰাণৰ ডোমৰ দলঙৰ বাল্য বিকাশ বিদ্যালয়ৰ চৌহদত চুতীয়া জনগোষ্ঠীৰ সংগ্ৰহালয়ৰ অস্থায়ী ভৱন ফিটা কাটি শুভাৰম্ভ কৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে । লগতে, চুতীয়া জনগোষ্ঠীৰ গৱেষণা প্ৰতিষ্ঠান নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে সদৌ চুতীয়া জাতিৰ সন্মিলনী সম্পাদক হৰেণ চুতীয়াই ।

মৰাণত চুতীয়া জনগোষ্ঠীৰ সংগ্ৰহালয় মুকলি

উক্ত অনুষ্ঠানত উপস্থিত থাকে বাল্য বিকাশ বিদ্যালয়ৰ অধ্যক্ষ স্বপন চুতীয়া, সদৌ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়া, মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যতীন চুতীয়াকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিৰ লগতে জনগোষ্ঠীটোৰ ৰাইজ ।

মৰাণত চুতীয়া জনগোষ্ঠীৰ সংগ্ৰহালয় মুকলি

উল্লেখ্য যে, শুভ উদ্বোধন কৰা জনগোষ্ঠীটোৰ সংগ্ৰহালয়ত ৰখা হৈছে বহু কেইটা চুতীয়া জনগোষ্ঠীৰ ঐতিহাসিক সমল ।

মৰাণত চুতীয়া জনগোষ্ঠীৰ সংগ্ৰহালয় মুকলি

লগতে পঢ়ক :হাগ্ৰামা মহিলাৰীয়ে সোতৰ বছৰ ফাউল কৰি ফুটবল খেলি আহিছেঃ বুদ্ধদেৱ মুছাহাৰী

ABOUT THE AUTHOR

...view details