ডিব্ৰুগড়, ২৭ ডিচেম্বৰ: টাই আহোম যুৱ পৰিষদ অসম চমুকৈ (টাইপা) ৰ পঞ্চম পঞ্চ বাৰ্ষিক কেন্দ্রীয় অধিৱেশন আৰু ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ২৬ ডিচেম্বৰতঅসম ভিত্তিত প্ৰাইজমাণি মুকলি কুইজ প্ৰতিযোগিতা মৰাণৰ তিলৈ নগৰ গ্ৰাম্য বজাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় । অসমৰ অগ্ৰণী কুইজৰ অনুষ্ঠান মৰাণ কুইজ ক্লাৱে পৰিচালনা কৰে প্ৰতিযোগিতাখনি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮ টাকৈ দলে অংশগ্রহণ কৰা এই কুইজ প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে গুৱাহাটীৰ ৰক্তিম ৰঞ্জন বৈশ্য আৰু কমল মেধিয়ে । দ্বিতীয় স্থান লাভ কৰে মৰাণৰ ব্ৰনচন শৰ্মা আৰু প্ৰবাল কলিতা, তৃতীয় স্থান অধিকাৰ কৰে সোণাৰিৰ প্ৰিয়মজ্যোতি ফুকন আৰু সাগৰ শৰ্মা, চতুৰ্থ স্থানত ডিব্ৰুগড়ৰ ভাস্বনজ্যোতি বুঢ়াগোহাঁই আৰু অনুৰাগ উপাধ্যায়, পঞ্চম স্থানত যোৰহাটৰ সত্যম দলে আৰু ভাৰ্গৱ শইকীয়া । তথা ষষ্ঠ স্থান দখল কৰে ডিব্ৰুগড়ৰ চন্দোপল শইকীয়া আৰু সেউজ দহোটিয়াই । প্ৰথম স্থানপ্ৰাপ্তক ৯০০০ টকা, দ্বিতীয় স্থানপ্ৰাপ্তক ৬০০০ টকা আৰু তৃতীয় স্থানপ্ৰাপ্তসকলক ,৩০০০ নগদ টকা আৰু মানপত্র প্ৰদান কৰে । ইফালে চতুর্থ, পঞ্চম, ষষ্ঠ দলক মানপত্রৰ সৈতে ১০০০ টকাকৈ প্ৰদান কৰা হয় ।
মৰাণত টাইপাৰ পঞ্চম পঞ্চ বাৰ্ষিক কেন্দ্রীয় অধিৱেশন - অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী
টাই আহোম যুৱ পৰিষদ অসম চমুকৈ (টাইপা) ৰ পঞ্চম পঞ্চ বাৰ্ষিক কেন্দ্রীয় অধিবেশন আৰু ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান ২৬, ২৭ আৰু ২৮ ডিচেম্বৰত মৰাণৰ তিলৈ নগৰ গ্ৰাম্য বজাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে । অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী দিনা অসম ভিত্তিত প্ৰাইজমাণি মুকলি কুইজ প্ৰতিযোগিতাত গুৱাহাটীৰ ৰক্তিম ৰঞ্জন বৈশ্য আৰু কমল মেধিৰ শ্ৰেষ্ঠ স্থান দখল । অনুষ্ঠানত টাইপাৰ বিষয়ববীয়াসকলৰ লগতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ উপৰিও বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।
![মৰাণত টাইপাৰ পঞ্চম পঞ্চ বাৰ্ষিক কেন্দ্রীয় অধিৱেশন মৰাণত টাইপাৰ পঞ্চম পঞ্চ বাৰ্ষিক কেন্দ্রীয় অধিৱেশন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10022340-671-10022340-1609051206706.jpg)
উল্লেখ্য যে, টাই আহোম যুৱ পৰিষদ অসম চমুকৈ (টাইপা) ৰ পঞ্চম পঞ্চ বাৰ্ষিক কেন্দ্রীয় অধিবেশন আৰু ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান ২৬, ২৭ আৰু ২৮ ডিচেম্বৰত মৰাণৰ তিলৈ নগৰ গ্ৰাম্য বজাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব । ইয়াৰ লগত সংগতি ৰাখি অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী দিনাখন অসম ভিত্তিত প্ৰাইজমাণি মুকলি কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয় । অধিৱেশনস্থলীত টাই আহোম জনগোষ্ঠীৰ লাইখুঁটা স্থাপন কৰে । অনুষ্ঠানত টাইপাৰ বিষয়ববীয়াসকলৰ লগতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ উপৰিও বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।