অসম

assam

By

Published : Dec 26, 2020, 7:53 AM IST

ETV Bharat / state

মৰাণত মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন

শুকুৰবাৰে ডিব্ৰুগড়ৰ মৰাণ মহাবিদ্যালয় প্ৰেক্ষাগৃহৰ প্ৰাংগণত মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন ৷ ডিব্ৰুগড় আৰু চৰাইদেউ জিলা ভিত্তিত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাখনত প্ৰথম স্থান লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দলে ৷ দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে চল্ট ব্ৰুক একাডেমী আৰু মৰাণ মহাবিদ্যালয়ৰ দলে ।

open quiz competition at moran
মৰাণত মুকলি কুইজ প্ৰতিযোগিতা

মৰাণ,26 ডিচেম্বৰ : অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে ডিব্ৰুগড়ৰ মৰাণ মহাবিদ্যালয় প্ৰেক্ষাগৃহৰ প্ৰাংগণত অনুষ্ঠিত হয় এখনি মুকলি কুইজ প্ৰতিযোগিতা ৷ ডিব্ৰুগড় আৰু চৰাইদেউ জিলা ভিত্তিত অনুষ্ঠিত হয় এই কুইজ প্ৰতিযোগিতাখন ৷

মৰাণত মুকলি কুইজ প্ৰতিযোগিতা

মৰাণ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু মৰাণ কুইজ ক্লাৱৰ সহযোগত অনুষ্ঠিত হোৱা এই কুইজ প্ৰতিযোগিতাখনত জিলা দুখনৰ মুঠ দহটা দলে অংশগ্ৰহণ কৰে । মৰাণ কুইজ ক্লাৱৰ সম্পাদক ৰাজ্জাক আলিয়ে পৰিচালনা কৰা প্ৰতিযোগিতাখনত প্ৰথম স্থান লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দলটোৱে ।

আনহাতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে চল্ট ব্ৰুক একাডেমী আৰু মৰাণ মহাবিদ্যালয়ৰ দলে । অনুষ্ঠানত উপস্থিত থাকে মৰাণ কুইজ ক্লাৱৰ সভাপতি পাৰ্থ প্ৰতীম ফুকন, মৌচাক শিশু আলোচনীৰ সম্পাদক জগত বড়া, খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহঃশিক্ষক হেৰম্ব গগৈ, বিদ্যুৎ বিভাগৰ উপ- সংমণ্ডল বিষয়া বিপুল গগৈসহ কেইবাজনো বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক :প্ৰশাসনিক বিষয়া হ'ল বাগিচাত চাহ পাত তোলা জয়ন্তীৰ পুত্ৰ মাচি

ABOUT THE AUTHOR

...view details