মৰাণ,10 জুন : ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত অন্যতম ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়(Assam Medical College) । ৰাজ্যৰ ভিন্ন স্থানৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ড আদি স্থানৰ পৰাও প্ৰতি দিনাই বহু শতাধিক লোক ভিন্ন চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়(Assam Medical College)লৈ আহে ।
কিন্তু ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বাবে এতিয়া অসম চিকিৎসা মহাবিদ্যালয়(Assam Medical College)ত নাই পূৰ্বৰ পৰিৱেশ । 24 ঘণ্টাই বিভিন্ন চিকিৎসাৰ ক্ষেত্ৰত ব্যস্ত অসম চিকিৎসা মহাবিদ্যালয়ত এতিয়া নীৰৱতা । ক’ভিডৰ বাবে বন্ধ কৰি দিয়া হ'ল অসম চিকিৎসা মহাবিদ্যালয়খনৰ বহিঃবিভাগৰ চিকিৎসাসমূহ । পূৰ্ৱৰ দৰে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা এতিয়া অসম চিকিৎসা মহাবিদ্যালয়(Assam Medical College)ত উপস্থিত হোৱা ৰোগীৰ সংখ্যা কমি আহিছে । কেৱল মাত্ৰ জৰুৰীকালীন চিকিৎসা(Emergency treatment)ৰ বাবে উপস্থিত হয় ৰোগীসকল ।