মৰাণ,19 আগষ্ট:অসম আন্দোলনৰ 855 গৰাকী শ্বহীদৰ ত্যাগৰ বিনিময়ত লাভ কৰা অন্যতম ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠান অ এন জি চি, অসম অৰ্থাৎ নাজিৰা খণ্ড অইল ইণ্ডিয়া লিমিটেডৰ সৈতে একত্ৰিতকৰণৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় তেল, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিবনুৱা দপ্তৰৰ নৱ-নিযুক্ত ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ ডিব্ৰুগড়ৰ মটক চাহ বাগিচাৰ কৰম ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা অনুষ্ঠানত এই ঘোষণা কৰিছে মন্ত্ৰী গৰাকীয়ে ৷
মন্ত্ৰী তেলীয়ে এই সন্দৰ্ভত কয় যে, অ এন জি চি(ONGC) ৰ অসম খণ্ড ইতিমধ্যে লোকচানৰ সন্মুখীন হৈছে ৷ কমি গৈছে উৎপাদন ক্ষমতা ৷ যাৰ বাবে অ এন জি চি অসম খণ্ড বিলুপ্তি ঘটাই অইল ইণ্ডিয়াৰ সৈতে চামিলকৰণেৰে একেলগে তেল উৎপাদনৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ ইতিমধ্যে এই দিশত কেন্দ্ৰীয় চৰকাৰে দুই লানি বৈঠকো অনুষ্ঠিত কৰিছে ৷ ৰাজ্য চৰকাৰৰ পৰাও কেন্দ্ৰই কিছু অনুমতি লাভ কৰিছে ৷