নাহৰকটীয়া,24 ফেব্ৰুৱাৰীঃসমনীয়াৰ সৈতে খেলিবলৈ গৈ প্ৰাণ গ'ল এজন কিশোৰৰ ৷ এই ঘটনা নাহৰকটীয়াৰ চাচনী মৌজাৰ হালোৱা গাঁৱৰ ৷ দেওবাৰে বিয়লি সংঘটিত হয় এই শোকাৱহ ঘটনা ৷ ঘটনাত প্ৰাণ হেৰুওৱা শিশুটিৰ নাম দীপজ্যোতি মেছ ৷ স্থানীয় বিশ্বজিৎ মেছ নামৰ লোকজনৰ ১৩ বছৰীয়া পুত্ৰ দীপজ্যোতি আছিল সপ্তম শ্ৰেণীৰ ছাত্ৰ ৷ ঘৰৰ সমীপৰ পথাৰত সমনীয়াৰ সৈতে ক্ৰিকেট খেলিবলৈ ওলাই গৈছিল দীপজ্যোতিয়ে ৷ কিন্তু বিয়লিলৈ পথাৰখনত মুৰ্মূষ অৱস্থাত উদ্ধাৰ হয় দীপজ্যোতিৰ মৃতদেহ ৷
চাচনীত সমনীয়াৰ সৈতে ক্ৰিকেট খেলিবলৈ গৈ প্ৰাণ হেৰুৱালে এটি কিশোৰে - ক্ৰিকেট খেলিবলৈ গৈ প্ৰাণ হেৰুৱালে এটি কিশোৰে
চাচনীৰ হালোৱা গাঁৱত সমনীয়াৰ সৈতে ক্ৰিকেট খেলিবলৈ গৈ প্ৰাণ গ'ল এটি কিশোৰৰ ৷ ঘৰৰ সমীপৰ পথাৰত ক্ৰিকেট খেলিবলৈ যোৱা কিশোৰজনৰ মৃতদেহ উদ্ধাৰ হয় পথাৰখনৰ মাজত ৷
চাচনীত সমনীয়াৰ সৈতে ক্ৰিকেট খেলিবলৈ গৈ প্ৰাণ হেৰুৱালে এটি কিশোৰে
চাচনীত সমনীয়াৰ সৈতে ক্ৰিকেট খেলিবলৈ গৈ প্ৰাণ হেৰুৱালে এটি কিশোৰে
অৱশ্যে এই কথা এই পৰ্যন্ত স্পষ্ট হোৱা নাই যে খেলত পোৱা আঘাতৰ বাবে নে লগৰীয়াৰ জিঘাংসাৰ বলি হ’ল সপ্তম শ্ৰেণীৰ কিশোৰজন ৷ আঘাতপ্ৰাপ্ত কিশোৰটিক ততাতৈয়াকৈ নাহৰণিৰ ৰেফাৰেল হাস্পতাললৈ অনা হৈছিল যদিও চিকিৎসালয়খনৰ চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে ৷ ইফালে এনেকৈ ৰহস্যজনক অৱস্থাত এটি শিশুৰ মৃত্যু হোৱাকলৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷
লগতে পঢ়কঃৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে উদ্বোধন কৰিব ম'টেৰা ষ্টেডিয়াম