মৰাণ,6 জুন:নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে ডিব্ৰুগড় আৰক্ষীয়ে। ডিব্ৰুগড়ৰ সদৰ আৰক্ষী বিষয়া ৰাজীৱ শইকীয়াৰ নেতৃত্বত লাহোৱাল আৰক্ষী বিষয়া অনুপম গুৱালা আৰু ঘোঁৰামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ কুমাৰ নাথৰ নেতৃত্বত দেওবাৰে লাহোৱালত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।
লাহোৱালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক এজন - ডিব্ৰুগড় আৰক্ষী
ডিব্ৰুগড়ৰ সদৰ আৰক্ষী বিষয়া ৰাজীৱ শইকীয়াৰ নেতৃত্বত দেওবাৰে লাহোৱাল আৰক্ষী বিষয়া অনুপম গুৱালা আৰু ঘোঁৰামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ কুমাৰ নাথে লাহোৱালত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ৷ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে ৷

লাহোৱালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক এজন
লাহোৱাল আৰক্ষীৰ বিশেষ অভিযানত লাহোৱাল পাত্ৰ গাঁৱৰ পৰা আটক কৰে এজন লোকক । আৰক্ষীয়ে AS-01-M-7889 নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ পৰা নিষিদ্ধ চেমপেক্স প্লাছৰ কেপচুলসহ জব্দ কৰে। উল্লেখ্য যে দীৰ্ঘদিনৰপৰা লাহোৱালত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল আৰু দেওবাৰে আৰক্ষীয়ে অভিযান চলাই অঞ্চলটোৰ পৰা এজন লোকক আটক কৰে ৷