অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত আবৈধ মাটি খননত ব্যৱহৃত এক্সকেভেটৰ, ২ খন ডাম্পাৰ জব্দ - অবৈধভাৱে মাটি

অবৈধভাৱে মাটি খনন কৰা অসাধু চক্ৰৰ বিৰুদ্ধে তৎপৰ ডিব্ৰুগড় প্ৰশাসন । জিলাখনৰ নাহৰসাঁকোত প্ৰশাসনৰ অভিযানত অবৈধভাৱে মাটি খনন কৰা কাৰ্যত ব্যৱহাৰ হোৱা এখন এক্সকেভেটৰ আৰু দুখন ডাম্পাৰ জব্দ ।

ডিব্ৰুগড়ত আবৈধ মাটি খননত ব্যৱহৃত এক্সকেভেটৰ, ২ খন ডাম্পাৰ জব্দ
ডিব্ৰুগড়ত আবৈধ মাটি খননত ব্যৱহৃত এক্সকেভেটৰ, ২ খন ডাম্পাৰ জব্দ

By

Published : Dec 17, 2020, 12:29 PM IST

মৰাণ, ১৭ ডিচেম্বৰ: বালি মাফিয়াৰ পিছত এইবাৰ ডিব্ৰুগড়ত অবৈধভাৱে মাটি খননকাৰীৰ দপদপনি । প্ৰশাসনৰ নিৰ্দেশনাক ভেঙুচালি কৰি চোৰাংভাৱে মাটি খনন কাৰ্য অব্যাহত ৰাখিছে একাংশ অসাধু চক্ৰই । বুধবাৰে ডিব্ৰুগড় জিলা প্ৰশাসনে আবৈধ মাটি খননত ব্যৱহৃত এখন এক্সকেভেটৰ আৰু দুখন ডাম্পাৰ জব্দ কৰে ।

ডিব্ৰুগড়ত আবৈধ মাটি খননত ব্যৱহৃত এক্সকেভেটৰ, ২ খন ডাম্পাৰ জব্দ

জানিব পৰা মতে, একাংশ সচেতন ৰাইজে ডিব্ৰুগড় জিলাৰ পূব ৰাজহ চক্ৰৰ অধীনৰ নাহৰসাঁকোৰ ভি জি আৰ এলেকাত এক্সকেভেটৰেৰে মাটি খনন কৰি থকা আৰু ডাম্পাৰেৰে মাটি কঢ়িয়াই থকাৰ খবৰ আৰক্ষীক দিছিল ।

ডিব্ৰুগড়ত আবৈধ মাটি খননত ব্যৱহৃত এক্সকেভেটৰ, ২ খন ডাম্পাৰ জব্দ

এই খবৰ লাভ কৰাৰ পিছতে ডিব্ৰুগড়ৰ পূব ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুজাতা গগৈৰ উদ্যোগত ঘোঁৰামৰা আৰক্ষীয়ে অভিযান চলাই এক্সকেভেটৰ আৰু ডাম্পাৰ দুখন জব্দ কৰে ৷ পিছত জব্দ কৰা তিনিওখন বাহন আৰক্ষীয়ে বন বিভাগক গতাই দিয়ে ।

যধে-মধে মাটি খনন কাৰ্যত বাধা আৰোপ কৰি প্ৰশাসনে বিভিন্ন নিৰ্দেশনা জাৰি কৰিছে যদিও এইবোৰৰ প্ৰতি ভ্ৰূক্ষেপ নাই একাংশ লোকৰ । প্ৰশাসনৰ নীতি-নিৰ্দেশনালৈ অংগুষ্ঠ প্ৰদৰ্শন কৰি যতে ত'তে খনন চলাই মইমতালি কৰি আহিছে ।

লগতে পঢ়ক:মধ্য অসমৰ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ

ABOUT THE AUTHOR

...view details