মৰাণ,19 মে’ : সমগ্ৰ দেশত সৰ্বত্ৰে এতিয়া কৰ’ণাই কালৰূপ ধাৰণ কৰিছে ৷ ভয়াৱহ হাৰত নিতৌ বৃদ্ধি পাইছে মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা ৷ অক্সিজেনৰ অভাৱ, ভেকচিনৰ সুবিধা লাভ নকৰা অথবা চিকিৎসা লাভ নকৰাৰ ফলত নিতৌ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ কেৱল এয়াই নহয়, চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতো প্ৰাণ হেৰুৱাইছে বহুলোকে ৷
সমগ্ৰ দেশৰ লগতে অসমতো নিতৌ বহুলোক আক্ৰান্ত হৈছে ক’ভিডত, ক’ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে বহুজনে ৷ ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ ক’ভিডে কালৰূপ ধাৰণ কৰি থকাৰ এই সময়খিনিতে, বৃহত্তৰ মৰাণত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৮ গৰাকীলৈ বৃদ্ধি পাইছে । খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ঘোঁৰাগাজ উপ-স্বাস্থ্য কেন্দ্ৰৰ কাঁচিপথাৰ গাঁৱৰ বিনোদ কান্দোলানা (২৩) নামৰ আন এগৰাকী লোকৰ বুধবাৰে ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ।