মৰাণ, 25 জুন :কৃষকৰ সমস্যা সমাধানৰ কথা সততে কৈ থকা ৰাজ্যৰ কৃষি বিভাগৰ যেন প্ৰকৃতাৰ্থত কৃষকক কষ্টৰ মূল্য দিয়াৰ ক্ষেত্ৰত কোনো সদিচ্ছা নাই ৷ কিয়নো, কৃষকৰ উৎপাদিত ফচলৰ উচিত মূল্যত কৃষি বিভাগে ক্ৰয় কৰাৰ কথা ক'লেও বাস্তৱত সেইয়া এইপৰ্যন্ত হৈ উঠা নাই ৷ উদাহৰণস্বৰূপে, বিগত 31 মে'ৰ পৰা ভাৰতীয় খাদ্য নিগমৰ দ্বাৰা পৰিচালিত উজনি অসমৰ খোৱাঙৰ ধান ক্ৰয় কেন্দ্ৰটো বন্ধ হৈ আছে ৷ মাত্ৰ কেইটামান মাহ কাৰ্যকৰী কৰিয়েই উজনি অসমৰ একমাত্ৰ ধান ক্ৰয় কেন্দ্ৰটো বন্ধ কৰি দিয়া হয় ৷
উল্লেখ্য যে, এই কেন্দ্ৰটোত উজনিৰ বিভিন্ন স্থানৰ কৃষকৰ পৰা ন্যূনতম সমৰ্থিত মূল্যত ধান ক্ৰয় কৰা হৈছিল । সম্প্ৰতি কেন্দ্ৰটো বন্ধ হৈ পৰাত কৃষকসকল চিন্তাত পৰিছে । সেয়েহে, শুকুৰবাৰে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দলে ধান ক্ৰয় কেন্দ্ৰটোত উপস্থিত হৈ কেন্দ্ৰটো পুনৰ কাৰ্যকৰী কৰিবলৈ দাবী জনোৱাৰ লগতে চৰকাৰে কেন্দ্ৰটো বন্ধ কৰি দিয়াৰ কাৰণ জানিবলৈ চেষ্টা কৰে আৰু কেন্দ্ৰটোৰ পৰিচালকৰ সৈতে এক আলোচনাত মিলিত হয় ৷
আলোচনাৰ অন্তত আছু কৰ্মীসকলে কেন্দ্ৰটো কাৰ্যকৰী কৰিবলৈ জিলা কৃষি বিষয়াৰ লগত আলোচনা কৰি শীঘ্ৰে মুকলিৰ দাবী জনাব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
উল্লেখ যে, কৃষক সকলে উৎপাদিত মূল্যতকৈ বহু কম দামত ধান বিক্ৰী কৰিবলগীয়া হৈছে । যাৰ বাবে শালিখেতিৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে স্থানীয় কৃষক সকলে ৷ সম্প্ৰতি ব্যৱসায়িক ভিত্তিত খেতি নকৰি বছৰজোৰা ভাতমুঠি যোগাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বহু কৃষকে । একাংশ কৃষকে প্ৰতিবিঘা খেতি মাটিত হাল বোৱাৰ পৰা ধান কটালৈকে এক মোটা অংকৰ ধন খৰচ কৰে যদিও ফচলৰ উচিত মূল্য লাভ নকৰাত হতাশাৰ সন্মুখীন হৈছে ৷