ডিব্ৰুগড়, 6 নৱেম্বৰ :পাৰিশ্ৰমিক বৃদ্ধিৰ দাবীতটেঙাখাতত প্ৰতিবাদঅইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ অধীনত সুৰক্ষাৰ কামত নিয়োজিত অইল ভি ডি পি সুৰক্ষা কৰ্মীৰ ৷ টেঙাখাতস্থিত অ' চি এছত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে শ শ অইল ভি ডি পি সুৰক্ষা কৰ্মীয়ে । ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পৰা অহা পাঁচ শতাধিক অইল ভি ডি পি সুৰক্ষা কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷
প্ৰতিবাদকাৰীসকলে কয়, ‘‘প্ৰথমে আমাক 1,000 টকা তাৰ পাচত 1,500 আৰু এতিয়া 3,000 টকাকৈ মজুৰি দি আছিল ৷ কিন্তু যোৱা মাহত তাৰো 1,500 টকা কৰ্তন কৰিলে ৷ যি সময়ত পূজা চলি আছিল তেনে সময়তে অইল কৰ্তৃপক্ষই আমাৰ পৰা 1500 টকা কৰ্তন কৰিলে ৷ আমি কোনো দৰমহা নাপাওঁ ৷ আমাক মাত্ৰ পকেট মানি হিচাপেহে 3,000 টকা দিয়ে ৷ এই টকাৰে পৰিয়াল চলে নেকি !’’