অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত ৰে'লৱে বিভাগৰ তেল চুৰি চক্ৰৰে জড়িত কোন ?

ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'লৱে ষ্টেচনত জব্দ কৰা হৈছে তিনিখন ডিজেল টেংকাৰ । ডিগবৈৰ পৰা বাণীপুৰ ৰে’লৱে ষ্টেচন অভিমুখে ডিজেল লৈ অহা টেংকাৰ তিনিখনে মাজবাটতে খালী কৰি অনাৰ সন্দেহত আৰক্ষীয়ে চলাইছিল অভিযান ৷ অভিযানত পোহৰলৈ আহ্ ভয়ংকৰ তথ্য ৷

By

Published : Mar 24, 2021, 12:38 PM IST

oil-tanker-sized
ডিব্ৰুগড়ত ৰে'লৱে বিভাগৰ তেল চুৰি চক্ৰৰে জড়িত কোন ?

ডিব্ৰুগড়, 24 মাৰ্চ:ডিব্ৰুগড়ত ৰে'লৱে বিভাগৰ তেল চুৰিৰ বৃহৎ চক্ৰ উৎখাত । আৰক্ষী আৰু ৰে'ল আৰক্ষীৰ যুটীয়া অভিযানত তেল চুৰি চক্ৰই ব্যৱহাৰ কৰা তিনিখন টেংকাৰ জব্দ কৰা লগতে তিনিজন লোকক আটক কৰিছে ।

ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'লৱে ষ্টেচনত জব্দ কৰা হৈছে তিনিখন ডিজেল টেংকাৰ । ডিগবৈৰ পৰা বাণীপুৰ ৰে’লৱে ষ্টেচন অভিমুখে ডিজেল লৈ আহিছিল টেংকাৰ তিনিখনে । কিন্তু ষ্টেচনলৈ ডিজেল অনা টেংকাৰ তিনিখন মাজবাটতে খালী কৰি অনাৰ তথ্য গোপন সূত্ৰৰ ভিত্তিত ৰে'ল আৰক্ষীয়ে জানিব পাৰি অভিযান চলাই জব্দ কৰে টেংকাৰ কেইখন ।

ডিব্ৰুগড়ত ৰে'লৱে বিভাগৰ তেল চুৰি চক্ৰৰে জড়িত কোন ?

ৰে'লৱে ষ্টেচনলৈ ইন্ধন অনাৰ নামত স্বয়ং ৰে'লৱে বিভাগৰ একাংশ বিয়াগোম বিষয়াও এই চক্ৰৰে জড়িত থকাৰ সন্দেহ কৰা হৈছে । ডিগবৈ পৰা ওলাই অহা ড্ৰিজেল ভৰ্তি টেংকাৰৰ পৰা একাংশ চালকে ডিজেল পথতেই চুৰি চক্ৰৰ সৈতে জড়িত হৈ ডিজেল চুৰি কৰি ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷

ডিব্ৰুগড়ত ৰে'লৱে বিভাগৰ তেল চুৰি চক্ৰৰে জড়িত কোন ?

মঙলবাৰে জব্দ কৰা টেংকাৰ তিনিখন জব্দ কৰি পৰীক্ষা কৰাৰ পাছতেই ওলাই পৰে জুলুঙাৰ মেকুৰী । প্ৰতিখনতে ১২ হেজাৰ লিটাৰ ডিজেল আছিল যদিও পৰীক্ষা কৰাৰ সময়ত খোলা অৱস্থাত থকাৰ লগতে আধা খালী অৱস্থাত পোৱা গৈছে ৷ জব্দ কৰা টেংকাৰ কেইখনৰ নম্বৰ ক্ৰমে AS06AC 1842 , AS 04AC 1350 আৰু AS11 B 0577 ৷ আৰক্ষী আৰু ৰে'ল আৰক্ষীৰ যুটীয়া অভিযানত টেংকাৰ কেইখনৰ পৰা জব্দ কৰে 53,800 টকা । লগতে আৰক্ষীয়ে টেংকাৰ কেইখনৰ তিনিওজন চালককো গ্ৰেপ্তাৰ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

আনহাতে ডিগবৈৰ পৰা মুঠ পাঁচখনকৈ টেংকাৰ বাণীপুৰ ৰে'লৱে ষ্টেচন অভিমুখে আহি আছিল যদিও তিনখনহে ষ্টেচনত আহে ৷ আৰক্ষীৰ অভিযানৰ খবৰ লাভ কৰি আন দুখন টেংকাৰ বাণীপুৰলৈ নহাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক: বৰপেটা জিলাৰ ৬ বিধানসভা সমষ্টিত ৬১ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াব প্ৰতিদ্বন্দিতা

ABOUT THE AUTHOR

...view details