ডিব্ৰুগড়,১ নৱেম্বৰ:ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায় আৰু চোৰাং তেলৰ ব্যৱসায় । মুখ্যমন্ত্ৰীয়ে চোৰাং গো ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশৰ পাছতো গা লৰা নাই একাংশ অসাধু ব্যৱসায়ীৰ । শেহতীয়াকৈ অবৈধভাৱে এখন ট্ৰাকত ২৩ জনী উন্নত প্ৰজাতিৰ গাই চিলাপথাৰৰ পৰা ডিব্ৰুগড় হৈ নগাঁও অভিমুখে লৈ যোৱা অৱস্থাত ডিব্ৰুগড়ৰ বগীবিলত চোৰাং গৰুভৰ্তি ট্ৰাকসহ চাৰি গো সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে(Cattle seized in Dibrugarh) ।
আটকাধীন সৰবৰাহকাৰীকেইটা ক্ৰমে মচিকুবুৰ ৰহমান, তবিজুল আলি, মাইজান আলি আৰু আজাদ হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈও আৰক্ষী সক্ষম হয় । এই ঘটনাৰ এটা দিনৰ পিছতে পুনৰ বগীবিল দলঙৰ সমীপত এখন চোৰাং তেল ভৰ্তি ট্ৰেংকাৰ জব্দ কৰে বগীবিল আৰক্ষীয়ে(Oil tanker seized at Dibrugarh) । টেংকাৰখনৰ সৈতে চোৰাং তেল সৰবৰাহকাৰী ক্ৰমে দীপক চাংমাই আৰু তিলক দিহিঙ্গীয়া, চালক ৰাজেন দিহিঙ্গীয়া আৰু হেণ্ডিমেন ভুৱন বৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(Cattle and Oil tanker seized) ।