অসম

assam

ETV Bharat / state

Oil leakage: দুলীয়াজানত তেল পৰিবাহী পাইপ ফাটি খাৰুৱা তেল নিৰ্গমন, শংকিত ৰাইজ - Oil leakage case

দুলীয়াজানৰ টিংৰাই চাৰিআলিৰ দলঙৰ সমীপৰ এখন পথাৰত তেল পৰিবাহী পাইপ ফাটি ভয়ংকৰভাৱে নিৰ্গমন হৈছে খাৰুৱা তেল ৷ সম্প্ৰতি এই অঞ্চলটোত যি কোনো মুহূৰ্তত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা কৰিছে আতংকিত স্থানীয় লোকে (Oil leakage at Duliajan)৷

Oil leakage at Duliajan
তেল পৰিবাহী পাইপ ফাটি খাৰুৱা তেল নিৰ্গমন

By

Published : May 27, 2023, 4:08 PM IST

তেল পৰিবাহী পাইপ ফাটি খাৰুৱা তেল নিৰ্গমন

মৰাণ, 27 মে’: দুলীয়াজানৰ টিংৰাই চাৰিআলিত ভয়ংকৰ অঘটন (Oil leakage case) ৷ তেল পৰিবাহী পাইপ ফাটি ভয়ংকৰভাৱে নিৰ্গমন হৈছে খাৰুৱা তেল ৷ ইয়াৰ পিচতে অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে (Oil leakage at Duliajan)৷ দুলীয়াজানৰ টিংৰাই চাৰিআলিৰ দলঙৰ সমীপৰ এখন পথাৰত সংঘটিত হৈছে এই ঘটনা । এটা বিস্তৃত অঞ্চলজুৰি খাৰুৱা তেল নিৰ্গমন হৈ তেল সিঁচৰতি হৈ পৰিছে ।

উল্লেখ্য যে, স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত অইল কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন জনাই আহিছে যদিও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই কৰ্তৃপক্ষই । সম্প্ৰতি এই অঞ্চলটোত যি কোনো মুহূৰ্তত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা কৰিছে আতংকিত স্থানীয় লোকে ৷ এতিয়ালৈ অইল ইণ্ডিয়াৰ ফালৰ পৰা কোনো বিভাগীয় কৰ্তৃপক্ষক অঞ্চলটোত মোতায়েন কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ৷

উল্লেখ্য যে, কেইটামান দিনৰ পূৰ্বেই টিংখাঙতো অনুৰূপ ঘটনা সংঘটিত হৈছিল (Oil leakage at Tingkahng)। টিংখাঙৰ শালমাৰী-দীঘলীয়া গাঁৱত তেল পৰিবাহী পাইপ ফাটি খাৰুৱা তেল নিৰ্গমনৰ ফলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল । অঞ্চলটোৰ ১ নং অ'চি এচৰ পৰা ২ নং অ'চি এচ সংযোগী মূল তেল পৰিবাহী পাইপৰ পৰা তেল নিৰ্গমন হৈ প্ৰায় ১ কিঃমিঃ অঞ্চলজুৰি তেল বিয়পি পৰিছিল। অইল কৰ্তৃপক্ষই তেল নিৰ্গমন বন্ধ কৰিছিল যদিও বিয়পি পৰা তেলৰ উৎকট গোন্ধৰ ফলত স্থানীয় ৰঞ্জুমণি গগৈ নামৰ মহিলাগৰাকীৰ ব্ৰইলাৰ ফাৰ্মৰ বহু সংখ্যক ব্ৰয়লাৰ, বহু কৃষকৰ পুখুৰীত মাছৰ মৃত্যু হৈছিল ।

অইল কৰ্তৃপক্ষই পুৰণি তেল পৰিবাহী পাইপসমূহ মেৰামতি নকৰাৰ ফলতেই এই ধৰণৰ ঘটনা ডিব্ৰুগড়ত সংঘটিত হোৱাৰ গুৰুত্ব অভিযোগ উত্থাপন হৈ আহিছে । কিন্তু ইয়াৰ পিচতো গা ল’ৰা নাই অইল কৰ্তৃপক্ষৰ ৷

স্মৰ্তব্য যে, 2020 চনৰ 27 মে’ত বাঘজান BGR ৫ নং তৈলখাদত তেল পৰিবাহী পাইপ ফাটি ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল আৰু সম্পূৰ্ণ বাঘজান অঞ্চলত প্ৰাকৃতিক গেছ আৰু তেল নিৰ্গত হৈ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছিল (Baghjan Incident)।

লগতে পঢ়ক:Landslides in Meghalaya: শিলচৰ-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ ভূমিস্খলন

ABOUT THE AUTHOR

...view details