মৰাণ, 28 জুলাই :তৈল নগৰী দুলীয়াজানত (DULIAJAN) উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি । মঙলবাৰে অইল (OIL INDIA) ইণ্ডিয়াৰ খাৰুৱা তেল পৰিবাহী পাইপ ফুটি তেল নির্গত হৈছিল । দুলীয়াজানৰ টিপলিং ষ্টেচন পথৰ B.O.C গেটৰ কাষত থকা কোদয়েল কুলা খাৰুৱা তেলৰ পাইপ ফাটি পথৰ ওপৰত নিৰ্গত হৈছিল এই খাৰুৱা তেল ।
তাৰপাছতে ঘটনাস্থলীত অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ লগতে অইলৰ বিষয়াসকল উপস্থিত হৈ তেল নিৰ্গমণ কাৰ্য বন্ধ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই ৷ যাৰ ফলত সম্প্ৰতি সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণ আতংকিত হৈ পৰিছে ৷ কিয়নো তিনিচুকীয়া জিলাৰ বাঘজান (bhagjan) গাঁৱত বিগত বৰ্ষ অৰ্থাৎ ২০২০ ৰ ২৭ মে'ত বাঘজান BGR, 5 No তৈল খাদত প্ৰথমে গেছ নিৰ্গত হয় আৰু ২৭ মে' ৰ পৰা ১৩ দিন ধৰি অহৰহ গেছ নিৰ্গত হৈ ৯ জুনত এক ভয়ংকৰ অগ্নিকাণ্ডলৈ ৰূপান্তৰ হয় ।
উক্ত অগ্নিকাণ্ডত বিনষ্ট হৈছিল সেউজীয়া প্ৰাকৃতিক পৰিৱেশ । জ্বলি চাৰখাৰ হৈছিল বহু পৰিয়ালৰ ঘৰ-বাৰী ৷ মৃত্যু হৈছিল অসংখ্য জীৱ-জন্তু, পশু-পক্ষীৰ, মৃত্যু হৈছিল ৰাষ্ট্ৰীয় সম্পদ শিহুৰ ।