অসম

assam

By

Published : Jun 2, 2021, 8:29 PM IST

ETV Bharat / state

ক'ভিড ৰোগীৰ বাবে অইল ইণ্ডিয়াৰ এম্বুলেঞ্চ

অইল কৰ্তৃপক্ষই ক'ভিড ৰোগীৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আগবঢ়ালে এখন এম্বুলেঞ্চ । চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰৰ ক'ভিড ৰোগীক চিকিৎসা সেৱাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ এই এম্বুলেঞ্চ ব্যৱহৃত হ'ব বুলি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতীয়ে জানিবলৈ দিয়ে ।

ASSAM MEDICAL COLLEGE
ক'ভিড ৰোগীৰ বাবে অইল ইণ্ডিয়াৰ এম্বুলেঞ্চ

ডিব্ৰুগড়, ২ জুন :ক'ভিড পৰিস্থিতিৰ মাজতে দেশজুৰি বিভিন্ন ধৰণৰ চিকিৎসা সামগ্ৰীৰ নাটনি দেখা গৈছে । ৰাইজৰ সুবিধাৰ্থে চৰকাৰৰ লগতে বহু ব্যক্তি বিশেষ বা অনুষ্ঠান প্ৰতিষ্ঠানেও সহযোগিতা আগবঢ়াইছে । ইয়াৰ মাজতে ৰাইজৰ সেৱাৰ বাবে আগবাঢ়ি আহিল অইল ইণ্ডিয়া কতৃপক্ষ । অইল কৰ্তৃপক্ষই ক'ভিড ৰোগীৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আগবঢ়ালে এখন এম্বুলেঞ্চ ।

ক'ভিড ৰোগীৰ বাবে অইল ইণ্ডিয়াৰ এম্বুলেঞ্চ

চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰৰ ক'ভিড ৰোগীক চিকিৎসা সেৱাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ ভিতৰত এঠাইৰ পৰা আন এঠাইলৈ নিবলৈ এই এম্বুলেঞ্চ ব্যৱহৃত হ'ব বুলি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতীয়ে জানিবলৈ দিয়ে ।

ইফালে ক'ভিডৰ এই জটিল পৰিস্থিতিত হাস্পতালখনলৈ আগবঢ়োৱা এই বিশেষ বৰঙণিৰ বাবে অইলৰ আৱাসী মুখ্য কাৰ্যবাহী প্ৰশান্ত বৰকাকতীক ধন্যবাদ জ্ঞাপন কৰে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক:এমুঠি অন্নৰ বাবে সংগ্ৰাম...

ABOUT THE AUTHOR

...view details