অসম

assam

By

Published : Jul 9, 2022, 11:45 AM IST

ETV Bharat / state

আজি ডিব্ৰুগড়ত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভা

ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভা (BJP official meeting at Dibrugarh)। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে গেৰুৱা বাহিনীৰ বহু নেতা-মন্ত্ৰী উপস্থিত থাকিব । বিয়লি মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব বৈঠকত ।

BJP
ডিব্ৰুগড় ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভা

মৰাণ,৯ জুলাই :৯ জুলাই অৰ্থাৎ আজি ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভা (State BJP official meeting at Dibrugarh)। ডিব্ৰুগড় চহৰৰ হোটেল গাৰ্ডেনত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভাত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে গেৰুৱা বাহিনীৰ সকলো ৰথী-মহাৰথী । ইতিমধ্যে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভাখনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে দলৰ নেতা-কৰ্মীসকলে ।

বিজেপিৰ বিষয়ববীয়াৰ সভাখনক লৈ একপ্ৰকাৰ গেৰুৱাময় হৈ পৰিছে চহৰখনৰ মূল বাট-পথ । বিজেপিৰ ৪০ খন সাংগঠনিক জিলাৰ সভাপতি, জিলা প্ৰভাৰী, সহ-প্রভাৰী আৰু ৰাজ্যিক মৰ্চাৰ সভাপতিক আদৰিবলৈ সাজু বিজেপিৰ নেতা-কৰ্মীসকল । কাৰ্যসূচী অনুসৰি ভাৰতীয় জনতা পার্টিৰ অসম প্ৰদেশৰ বিষয়ববীয়া সভাখন ইতিমধ্যে আৰম্ভ হৈছে আৰু বৰ্তমান দিল্লীত উপস্থিত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা অসমলৈ আহি বিয়লি ৪ বজাত অনুষ্ঠানত উপস্থিত থাকিব (Assam CM will attend official meeting)।

ডিব্ৰুগড়ত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভা

উল্লেখ্য যে বিষয়বীয়া সভাৰ লগত সংগতি ৰাখি ডিব্ৰুগড় আৰু লাহোৱাল বিধানসভা সমষ্টিৰ মুঠ ৯০ টা বুথ কেন্দ্ৰত 'বুথ সভা' অনুষ্ঠিত হ'ব । ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে সভাত উপস্থিত থকা ৰাজ্যিক বিষয়ববীয়াসকল, জিলা সভাপতিসকল আৰু জিলা প্রভাৰী, সহ প্রভাৰীসকলে বুথে বুথে উপস্থিত হৈ বুথৰ সভাত অংশগ্রহণ কৰিব ।

লগতে পঢ়ক :আজি ডিব্ৰুগড়ৰ অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভা

ABOUT THE AUTHOR

...view details