মৰাণ, 31 জানুৱাৰী : গ্ৰাম্যাঞ্চলৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত লুকাই থকা প্ৰতিভা বিকাশৰ বাবে ডিব্ৰুগড় জিলাত অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন ব'ৰ্ডৰ প্ৰশংসনীয় প্ৰদক্ষেপ ৷ উপযুক্ত সুবিধাৰ অভাৱত পিছ পৰি ৰোৱা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰতিভা সন্ধান ব'ৰ্ডৰ অধ্যক্ষ প্ৰশান্ত গগৈয়ে ৷ অধ্যয়নৰ সমান্তৰালকৈ গান, কবিতা আবৃত্তি, নৃত্য আদি দিশত বিশেষভাৱে গ্ৰাম্যাঞ্চলৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বহু প্ৰতিভা আছে ৷ কিন্তু উপযুক্ত সুবিধাৰ বাবে পিছ পৰি ৰৈ যোৱা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিদ্যালয় সমূহত আয়োজন কৰিছে বিভিন্ন প্ৰতিযোগিতা ৷
ডিব্ৰুগড় জিলা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন ব'ৰ্ডৰ প্ৰশংসনীয় প্ৰদক্ষেপ - ডিব্ৰুগড় জিলা
উপযুক্ত সুবিধাৰ অভাৱত পিছ পৰি ৰোৱা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ডিব্ৰুগড় জিলাৰ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন ব'ৰ্ডে গ্ৰহণ কৰিছে প্ৰশংসনীয় প্ৰদক্ষেপ ৷ জিলা খনৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণ সমষ্টিৰ অন্তৰ্গত বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি টোকাবহী বিতৰণ কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰেৰণামূলক বঁটা প্ৰদান কৰিছে প্ৰতিভা সন্ধান ব'ৰ্ডৰ অধ্যক্ষ প্ৰশান্ত গগৈয়ে ৷
![ডিব্ৰুগড় জিলা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন ব'ৰ্ডৰ প্ৰশংসনীয় প্ৰদক্ষেপ ডিব্ৰুগড় জিলা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন ব'ৰ্ডৰ প্ৰশংসনীয় প্ৰদক্ষেপ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10445501-thumbnail-3x2-hgyhj.jpg)
উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন ব'ৰ্ডৰ তৰফৰ পৰা জিলা খনৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণ সমষ্টিৰ অন্তৰ্গত বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি টোকাবহী বিতৰণ কৰি আহিছে । মৰাণ হালধিবাৰী পঞ্চায়তৰ পদুমণি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজতো প্ৰতিযোগিতা অনুষ্ঠিত কৰি টোকাবহী বিতৰণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত প্ৰেৰণামূলক বঁটা প্ৰদান কৰে। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত উৎসাহ বৃদ্ধি হোৱা পৰিলক্ষিত হয় ।
লগতে পঢ়ক:মূল্যবৃদ্ধিৰ বিৰুদ্ধে জনীয়াত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ