মৰাণ,৩ নৱেম্বৰ : মটক জনগোষ্ঠীৰ সামগ্ৰীক উন্নয়নৰ স্বাৰ্থত ২০২১ চনৰ জানুৱাৰী মাহত ৰাজ্য চৰকাৰে গঠন কৰি দিছিল মটক স্বায়ত্ত শাসিত পৰিষদ (Matak Autonomous Council)। ২৫ জনীয়া সদস্যৰে গঠন হয় মটক স্বায়ত্ত শাসিত পৰিষদ । কিন্তু ইয়াৰে এগৰাকী সদস্য বিশেষ কাৰণত পৰিষদৰ পৰা অব্যাহতি লৈছিল । সেয়ে খালী হৈ আছিল পৰিষদৰ এখন আসন ।
এই খালী আসন পূৰণ কৰাৰ উদ্দেশ্যে বুধবাৰে চাবুৱা বহুমুখী প্ৰকল্প ভৱনত অনুষ্ঠিত হয় মটক স্বায়ত্ত শাসিত পৰিষদৰ নৱ-নিযুক্ত পাৰিষদৰ শপত গ্ৰহণ (Oath taking ceremony of MAC)। মটক স্বায়ত্ত শাসিত পৰিষদৰ নৱ-নিযুক্ত পাৰিষদ হিচাপে দিবাকৰ সেনাপতিয়ে শপত গ্ৰহণ কৰে । ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাসে নৱ-নিযুক্ত পাৰিষদ গৰাকীক শপত বাক্য পাঠ কৰায় ।
ৰাজ্য চৰকাৰৰ সহযোগিতাত কিছুদিন পূৰ্বে খালী আসনখন পূৰণ কৰাৰ বাবে দিবাকৰ সেনাপতিক নতুনকৈ পাৰিষদ হিচাপে নিযুক্ত কৰা হয় ৷ শপত গ্ৰহণ অনুষ্ঠানটোত জিলাৰ অতিৰিক্ত উপায়ুক্তগৰাকীৰ লগতে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, মটক স্বায়ত্ত পৰিষদৰ অধ্যক্ষ সুৰুজ গোহাঁই, মুখ্য কাৰ্যবাহী সদস্য ডেভিদ চেতিয়া, উপাধ্যক্ষ দেৱৰ্ষী চেতিয়াকে ধৰি স্বায়ত্ত পৰিষদৰ পাৰিষদসকল আৰু বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷