মৰাণ, 20 মে' :ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত আজি দিনটোতে ৬৫ জন লোকৰ দেহত ক'ভিড উপস্থিতি পোৱা যায় । তাৰে খোৱাং স্বাস্থ্য কেন্দ্ৰৰ ৬১ জন, ৪ জন চৰাদেউ জিলাৰ নিৱাসী ।
খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মুঠ ১৪৩১ গৰাকী ক'ভিড আক্ৰান্ত হৈছে । চেপন চাহ বাগিচাত ৫ জন আৰু ডোমৰ দলং চাহ বাগিচাত ৩ জন লোকৰ দেহত ক'ৰণা উপস্থিতি ধৰা পৰা পাচতে বাগিচা অঞ্চলত আতংকৰ সৃষ্টি হৈছে । উক্ত ক'ভিড আক্ৰান্ত সকলক চাহ বাগিচাৰ আইচলেচন ৱাৰ্ডত, ১৬ জনক চাবুৱা, জকাই, লেজাই, লেঙেৰী ক'ভিড কেয়াৰ চেণ্টাৰত ৰখা হৈছে ৷ বাকীসকলক হোম আইচলেচনত ৰখা হৈছে বুলি জানিবলৈ দিছে স্বাস্থ্য বিভাগে ।