অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত আৰম্ভ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ব্যক্তিগত ক'ভিড টিকাকৰণ কেন্দ্ৰ - হাস্পতাল

ডিব্ৰুগড়ত উত্তৰ-পূৰ্বাঞ্চলৰ ব্যক্তিগত খণ্ডৰ প্ৰথমটো ক’ভিড টিকাকৰণ কেন্দ্ৰৰ শুভমুক্তি ৷ ডিব্ৰুগড়ৰ আদিত্য ডায়গ'নেষ্টিক এণ্ড হাস্পতালৰ উদ্যোগত এই কেন্দ্ৰটোৰ শুভাৰম্ভ কৰা হয় ৷

north-easts-first-private-covid-vaccine-centre-at-dibrugarh
ডিব্ৰুগড়ত আৰম্ভ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ব্যক্তিগত ক'ভিড টিকাকৰণ কেন্দ্ৰ

By

Published : May 26, 2021, 7:45 AM IST

ডিব্ৰুগড়, 26 মে’ : ডিব্ৰুগড়ৰ আদিত্য ডায়গ'নেষ্টিক এণ্ড হাস্পতালৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চলৰ ব্যক্তিগত খণ্ডৰ প্ৰথমটো ক’ভিড টিকাকৰণ কেন্দ্ৰ আৰম্ভ হয় । ডিব্ৰুগড়ৰ মানকটা পথৰ কাষত থকা আদিত্য পলি ক্লিনিকত এই কেন্দ্ৰটোৰ শুভাৰম্ভ কৰা হয় ৷ এই শুভাৰম্ভ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি, লেখক সাহিত্যিক তথা বিশিষ্ট চিকিৎস ও আদিত্য ডায়গ'নেষ্টিক এণ্ড হাস্পতালৰ পৰিচালনা সঞ্চালক ডাঃ নিৰ্মল চাহেৱালা উপস্থিত থাকে ৷

টিকাকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত নিৰ্মল চাহেৱালাই কয় যে " চৰকাৰে অকলে টিকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাতো সম্ভৱ নহয়, ইয়াৰ বাবে স্বেচ্ছাসেৱী সংগঠন, ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আদি আগবাঢ়ি আহিব লাগিব । সেয়ে আদিত্য ডায়গ'নেষ্টিক এণ্ড হাস্পতালে টিকাকৰণ প্ৰক্ৰিয়াত সহযোগ আগবঢ়োৱাৰ মানসেৰে আগবাঢ়ি আহিছে ।"

ডিব্ৰুগড়ত আৰম্ভ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ব্যক্তিগত ক'ভিড টিকাকৰণ কেন্দ্ৰ

ইতিমধ্যে আদিত্য হাস্পতালে আৰম্ভ কৰিছে পুণেৰ চিৰাম ইনষ্টিটিউটৰ পৰা অহা ১৫০০০ টা ক'ভিড প্ৰতিষেধকৰ প্ৰদান কাৰ্যসূচী । আনহাতে এই প্ৰতিষেধক প্ৰদানৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে জিলা ন'ডেল বিষয়া ডাঃ নৱজ্যোতি গগৈ সহ জিলা টিকাকৰণ বিষয়া বিশ্বজিত বৰুৱা । ইফালে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ কৃষ্ণা কেম্পাই আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়া ডাঃ পল্লবীয়ে কেন্দ্ৰটো পৰিদৰ্শন কৰি প্ৰসংশনীয় বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : মিজোৰামত এই পৰ্যন্ত কিমান লোকে গ্ৰহণ কৰিছে ক’ভিডৰ প্ৰতিষেধক ?

ABOUT THE AUTHOR

...view details