ডিব্ৰুগড়, 4 জুলাই : ডিব্ৰুগড়ৰ বিচিপিএলত বহিৰাগতৰ হাতত ধৰাশায়ী হ’ল এজন অসমীয়া যুৱক । কৰ্মৰত অৱস্থাত গুৰুতৰভাৱে প্ৰহাৰ কৰে এজন অসমীয়া যুৱকক । দক্ষিণ ভাৰতৰ ৰাম প্ৰসাদ নামৰ এজন কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত দীপাংকৰ দাস নামৰ যুৱকজনক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷
উল্লেখ্য যে, বিচিপিএলৰ ডাটা চেণ্টাৰত নিশাৰ ভাগত কৰ্মৰত অৱস্থাত অসমীয়া যুৱকজনক প্ৰহাৰ কৰাৰ পিছতে বিচিপিএল কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠে জিলা আছুকে ধৰি ছাত্র সংগঠনসমূহ । বিভিন্ন সময়ত অসমীয়া বিদ্বেষী মনোভাৱ গ্ৰহণ কৰি অহা বিচিপিএল কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শীঘ্ৰেই অনা অসমীয়া কৰ্মচাৰীজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে আছুৱে ৷ অন্য়থা তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সকীয়নি দিয়ে সংগঠনটোৱে ।