অসম

assam

By

Published : Jun 27, 2021, 12:51 PM IST

ETV Bharat / state

পানী যোগান আঁচনি থকা সত্বেও ডিব্ৰুগড়ত বৰষুণৰ পানীৰে কৃষকৰ খেতি

কৃষি বিভাগে পথাৰত পানী যোগান ধৰাৰ কথা কৈ থকা সময়ত ডিব্ৰুগড় জিলাৰ বহু কৃষি প্ৰধান গাঁৱক সামৰি থকা এই প্ৰকল্পটোৰ পৰা আজি পৰ্যন্ত কৃষকে নাপালে এটুপিও পানী । ফলত পানী যোগানৰ বাবে নিৰ্মাণ কৰা পকী নলাসমূহ এতিয়া হাবি জংঘলেৰে ভৰি পৰাৰ লগতে ডাষ্টবিনলৈ ৰূপান্তৰ হৈছে ।

পানী যোগান আঁচনি থকা সত্বেও ডিব্ৰুগড়ত বৰষুণৰ পানীৰে কৃষকৰ খেতি
পানী যোগান আঁচনি থকা সত্বেও ডিব্ৰুগড়ত বৰষুণৰ পানীৰে কৃষকৰ খেতি

মৰাণ , 27 জুন : ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ হৈছে জলসিঞ্চন বিভাগ (Irrigation Department) ৷ জলসিঞ্চন বিভাগ (Irrigation Department) টোৱে কৃষক ৰাইজৰ বাবে কোটি কোটি টকীয়া আঁচনি গ্ৰহণ কৰিছে ৷ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া (Hiteswar Saikia)ৰ দিনতে ডিব্ৰুগড় (Dibrugarh) জিলাৰ খোৱাঙত একমাত্ৰ কৃষকক পানী যোগান ধৰাৰ বাবে ৰূপায়ণ কৰা হৈছিল পানী যোগান আঁচনি (Water Supply Scheme)ৰ বৃহৎ প্ৰকল্প ।

ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টি (Moran Constituency)আৰু টিংখাং বিধানসভা সমষ্টি (Tingkhang Constituency)ৰ ৰাইজক সুবিধা হোৱাকৈ পকী নলা দ্বাৰা বুঢ়ীদিহিং নদীৰ পৰা পানী উত্তোলন কৰি কৃষকক পথাৰত পানী দিয়াৰ বাবে আঁচনি লৈছিল । কিন্তু বহু বছৰ ধৰি জলসিঞ্চন বিভাগ (Irrigation Department)ৰ এই আঁচনি বিকল হৈ আছে ফলত কৃষকে বৰষুণ নহ'লে খেতি কৰিব নোৱাৰি হাহাকাৰ কৰিব লগা হৈছে । কৃষি বিভাগে পথাৰত পানী যোগান ধৰাৰ কথা কৈ থকা সময়ত ডিব্ৰুগড় জিলাৰ বহু কৃষি প্ৰধান গাঁৱক সামৰি থকা এই প্ৰকল্পটোৰ পৰা আজি পৰ্যন্ত কৃষকে নাপালে এটুপিও পানী ।

পানী যোগান আঁচনি থকা সত্বেও ডিব্ৰুগড়ত বৰষুণৰ পানীৰে কৃষকৰ খেতি

ফলত পানী যোগানৰ বাবে নিৰ্মাণ কৰা পকী নলাসমূহ এতিয়া হাবি জংঘলেৰে ভৰি পৰাৰ লগতে ডাষ্টবিনলৈ ৰূপান্তৰ হৈছে । পথাৰত পানী যোগানৰ সকলো ব্যৱস্থা থকাৰ পাছতো জলসিঞ্চন বিভাগে (Irrigation Department) কৃষকক কিয় পানী যোগান ধৰিব পৰা নাই সেইয়াহে গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ।

চৰকাৰে কোটি-কোটি টকা খৰচ কৰি জলসিঞ্চনৰ আঁচনিখন নিৰ্মাণ কৰিছে যদিও আঁচনিখনৰ পৰা কোনো সুফল নোপোৱাত বছৰ বছৰ ধৰি ডিব্ৰুগড় জিলাৰ খোৱাঙ, মৰাণ, টিংখাঙৰ কৃষকে বৰষুণৰ পানীৰে খেতি কৰিবলগীয়া হৈছে কৃষক ৰাইজে ৷ অতি শীঘ্ৰে এই আঁচনিখন তদাৰক কৰাৰ লগতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি কৃষক ৰাইজক উপকৃত কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :জল জীৱন মিছন আঁচনি ৰূপায়ণৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা মুখ্যমন্ত্রীৰ

ABOUT THE AUTHOR

...view details