মৰাণ,15 অক্টোবৰঃ কৰ'ণা মহামাৰী বাবে ছটা মাহে বন্ধ হৈ আছিল ৰাজ্যৰ বিদ্যালয় সমূহ। সম্প্ৰতি ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশত পৰ্যায় ক্ৰমে খুলিবলৈ আৰম্ভ কৰিছে বিদ্যালয়-মহাবিদ্যালয় সমূহ। লক ডাউনৰ বাবে বিদ্যালয় বন্ধ থকাৰ সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহক মাহেকীয়া মাচুল ৰেহাই দিবলৈ ৰাজ্যৰ শিক্ষা বিভাগে কৰিছিল অনুৰোধ। চৰকাৰৰ এই আনুৰোধ ৰক্ষা কৰি অধিকাংশ বিদ্যালয়ে শিক্ষাৰ্থী সকলক ৰেহাই দিছিল মাহেকীয়া মাচুল ৷ কিন্তু ডিব্ৰুগড় জিলাৰ মৰাণত মৰাণ জাতীয় বিদ্যালয়ে চৰকাৰৰ এই আনুৰোধক গুৰুত্ৱ নিদি ল'ক ডাউনৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাহেকীয়া মাচুল ৰেহাই নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰে একাংশ অভিভাৱকে ।
মৰাণ জাতীয় বিদ্যালয়ৰ বিৰুদ্ধে অভিভাৱকৰ ক্ষোভ - ডিব্ৰুগড় জিলাৰ মৰাণ
বিদ্যালয় বন্ধ থকাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে অনলাইনৰ ক্লাছ সমূহো নিয়াৰিকৈ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ অভিভাৱকে । অভিভাৱক সকলে জানিবলৈ দিয়া মতে, লক ডাউনৰ সময়ত মাচুল দিয়া পলম হ'লেও বিদ্যালয় কৰ্তৃপক্ষই ৬০ টকা জৰিমনা লোৱাৰ ব্যৱস্থা কৰিছিল ।
![মৰাণ জাতীয় বিদ্যালয়ৰ বিৰুদ্ধে অভিভাৱকৰ ক্ষোভ No excuse of Monthly school fee in Moran Jatiya Vidyalaya](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9183811-1105-9183811-1602761299779.jpg)
আনহাতে বিদ্যালয় বন্ধ থকাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে অনলাইনৰ ক্লাছ সমূহো নিয়াৰিকৈ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে । অভিভাৱক সকলে জানিবলৈ দিয়া মতে বিদ্যালয় কৰ্তৃপক্ষই লক ডাউনৰ সময়ত মাচুল দিয়া পলম হ'লেও ৬০ টকা জৰিমনা লোৱাৰ ব্যৱস্থা কৰিছিল ।
ইপিনে বিদ্যালয়ৰ অধ্যক্ষা গৰাকীয়ে উল্লেখ কৰে যে অভিভাৱক সকলক যথেষ্ট সুবিধা দিয়া হৈছে । মৰাণ জাতীয় বিদ্যালয় অসমৰ ভিতৰতে এক সুনাম থকা বিদ্যালয় আৰু ইয়াক অক্ষুন্ন ৰাখিব বিচাৰে । বিদ্যালয় বন্ধৰ সময়ত কোন কেইজন শিক্ষকে ক্লাছ কৰা নাই তেওঁক অভিভাৱকসকলে লিখিত ভাৱে জনোৱা নাছিল। মুঠৰ ওপৰত মাহেকীয়া মাচুলক লৈ মৰাণত বিদ্যালয় কৰ্তৃপক্ষ আৰু অভিভাৱকৰ মাজত সৃষ্টি হৈছে তীব্ৰ অসন্তুষ্টি ।
লগতে পঢ়কঃ পৰকীয়া প্ৰেম: নিজ ভতিজাকৰ সৈতে পলায়ন কংগ্ৰেছ নেতাৰ পত্নীৰ